অসম লাইভ২৪ঃ নষ্ট্ৰাডামুছৰ নাম নুশুনা মানুহ হয়তো নাই। পৃৃথিৱীৰ বিভিন্ন উল্লেখযোগ্য ঘটনা সম্পৰ্কে বহু বছৰ পূৰ্বেই এটাৰ পাছত আনটো নিৰ্ভুল ভৱিষ্যতদ্বাণী কৰিছিল নস্ত্ৰাডামুছে। এইগৰাকী ফৰাছী ভৱিষ্যৎ দ্ৰষ্টাৰ চমকপ্দ ভৱিষ্যতদ্বাণীসমূহত হিটলাৰৰ উত্থান আৰু মৃত্যু, ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যু, আমেৰিকাৰ ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰৰ আক্ৰমণ, কৰ’না মহামাৰীৰ প্ৰকোপ সম্পৰ্কে পূৰ্বেই কৈ গৈছিল নষ্ট্ৰাডামুছে। ১৫৬৬ চনত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ পূৰ্বে নষ্ট্ৰাডামুছে মুঠ ৬,৩৩৮টা ভৱিষ্যতদ্বাণী কৰি গৈছে। পৃথিৱী কেতিয়া কেনেকৈ ধ্বংস হ’ব সেই কথাও জনাই গৈছে তেওঁ। আগন্তুক ২৪ বৰ্ষক লৈয়ো কেইবাটাও ভৱিষ্যতদ্বাণী কৰি গৈছে নষ্ট্ৰাডামুছে।
২০২৪ক লৈ কি কি ভৱিষ্যতদ্বাণী কৰি গৈছে নস্ত্ৰাডামুছে?
তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনা
ৰাছিয়া-ইউক্ৰেইন, ইজৰাইল-গাজাৰ দৰে একাধিক যুদ্ধ চলিছে বিশ্বৰ বিভিন্ন প্ৰান্তত। এইসমূহৰ মাজতেই যুদ্ধই তৃতীয় বিশ্বযুদ্ধৰ আকাৰ ল’ব। এই ভৱিষ্যতদ্বাণী কৰি গৈছে নষ্ট্ৰাডামূছে। কাৰণ ২০২৪ চনৰ তৃতীয় বিশ্বযুদ্ধ বৃদ্ধি পাব বুলি কৈ গৈছে নষ্ট্ৰাডামূছে। বিভিন্ন প্ৰতিবেশী দেশসমূহৰ মাজত এই বিশ্বযুদ্ধ চলিব পাৰে।
জলবায়ু পৰিবৰ্তন
২০২৪ চনত জলবায়ু পৰিবৰ্তনে বৃহৎ আকাৰ ল’ব পাৰে। এই কথা আমি কোৱা নাই। এই কথা কৈ গৈছে নষ্ট্ৰাডামূছে। এই ভৱিষ্যতদ্বাণী অনুসৰি ২৪ত কোনো প্ৰাকৃতিক বিপৰ্যয় আহিব পাৰে। বিধ্বংসী ধুমুহা, পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি, ছুনামী, জলপ্লাৱন আহিব পাৰে। যাৰবাবে বহু মানুহৰ মৃত্যু হ’ব পাৰে।
বিধ্বংসী ভূমিকম্প
২৪ত বিধ্বংসী ভূমিকম্পৰ কথাও কৈ গৈছে নষ্ট্ৰাডামূছে। ২৩ত মৰক্কোত ভয়ানক ভূমিকম্প হৈছে, তেনে ভূইকঁপেই ২৪ত হ’ব পাৰে। এই ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হ’ব। পৃথিৱীৰ ক’ত ক’ত এই বিধ্বংসী ভূমিকম্প হ’ব সেই সম্পৰ্কে অৱশ্যে স্পষ্টকৈ কৈ যোৱা নাই।
ভাৰত-চীনৰ সম্পৰ্ক অৱনতি হ’ব
২৪ত ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক অৱনতি হ’ব। ভাৰত মহাসমূদ্ৰৰ আশেপাশে থকা এলেকাসমূহত প্ৰভাৱ পৰিব।
পোপ ফ্ৰান্সিছৰ মৃত্যু
২৪তেই পোপ ফ্ৰান্সিছৰ মৃত্যু হ’ব পাৰে বুলি কৈ গৈছে নষ্ট্ৰাডামূছে। বৰ্তমান পোপ ফ্ৰান্সিছৰ ৮৬বছৰ আৰু তেওঁ নানান অসুখত আক্ৰান্ত হৈ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ