দেশৰ সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হৈ থকাৰ ৰেকৰ্ড নহ’ল নবীন পাটনায়কৰ, বিজেপিৰ হাতত পাৰস্ত
আজি ৪ জুন তাৰিখে দেশৰ লোক সভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সমান্তৰালকৈ উৰিষ্যাৰো বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনা কৰা হয়। ফলাফল ঘোষণাৰ লগে লগে অন্ত পৰে নবীন পাটনায়কৰ শাসনকাল। ২৪ বছৰে ধৰি উৰিষ্যাৰ মুখ্যমন্ত্ৰী হিচাপে থাকি বহু কাম কৰা নবীন পাটনায়কে এইবাৰ পৰাজয় বৰণ কৰে।
মাথো কেইটামান দিনৰ ব্যৱধানৰ বাবে দেশৰ সৰ্বাধিক কাৰ্যকালৰ মুখ্যমন্ত্ৰী হিচাপে থকা অভিলেখ ভংগ কৰাৰ পৰাও দূৰ হৈ যায়। এই ক্ষেত্ৰত দেশৰ সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হৈ থকা ৰেকৰ্ড আছে পৱন কুমাৰ চামলিং, তেখেতে সম্পুৰ্ণ ২৫ বছৰ ধৰি মুখ্যমন্ত্ৰী হৈ আছিল। তাৰ বিপৰীতে নবীন পাটনায়কে ২৪ বছৰ ৯১ দিন মুখ্যমন্ত্ৰী হৈ আছিল।
বৰ্তমানলৈ সদৰি হোৱা ফলাফল অনুসৰি বিজেপিয়ে বৰ্তমানলৈ ৭১ আসনত অগ্ৰগতি লাভ কৰাৰ লগতে ৩ খন আসনত জয়ী হৈছে। তাৰ বিপৰীতে ২৪ বছৰ ধৰি শাসনত ধৰা বিজু জনতা দলে বৰ্তমানলৈ এখনো আসন লাভ কৰা নাই, অৱশ্যে ৪৭ খন আসনত আগবাঢ়ি আছে।
ওড়িশাত বিজেপিয়ে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে। প্ৰায় ডেৰ-দুই দশকৰ অন্তত নবীন পাটনাইকৰ চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰা দিশে। এতিয়া বিজেপিৰ পৰা মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে কেইবাগৰাকী নেতাৰনাম উত্থাপন হৈছে।
এই ক্ষেত্ৰত শীৰ্ষত নাম আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ নাম। বিজেপিৰ পৰা মুখ্যমন্ত্ৰীৰ দৌৰত দ্বিতীয়ত নাম সম্বিত পাত্ৰৰ। সম্বিত পাত্ৰ বিজেপিৰ লগতে ওড়িশা আৰু দেশৰ অন্যতম জনপ্ৰিয় নেতা।
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে বিজেপিয়ে সলনি কৰিছিল ওড়িশাৰ ৰাজ্যিক সভাপতি। জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী মনমোহন সমলক ৰাজ্যিক সভাপতি নিযুক্তি কৰিছিল। মুখ্যমন্ত্রী পদৰ দৌৰত মনমোহন সমলেও এক শক্তিশালী প্রতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিছে।
উল্লেখ্য যে, ২০১৮ চনৰ পৰা নবীন পাটনায়কৰ চেষ্ঠা তথা শাসনকালতে ওড়িশা চৰকাৰে পুৰুষ আৰু মহিলা দুয়োটা ৰাষ্ট্ৰীয় হকী দলকে পৃষ্ঠপোষকতা কৰি আহিছিল, ব্যৱসায়িক গোট চাহাৰাই আঁতৰি যোৱাৰ সময়ত পৃষ্ঠপোষক হিচাপে খোজ দিছিল। সেই পৃষ্টপোষকতাতে ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা দলেই বহু ক্ষেত্ৰত লাভ কৰিছিল পদক। অলিম্পিক পদকো লাভ কৰিছিল ভাৰতীয় হকী দলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ