অসম লাইভ২৪ঃ বৰদিন। বিশ্বৰ সকলোপ্ৰান্ততেই এতিয়া বৰদিনৰ উছাহ। বৰদিনতেই প্ৰভু যীশুখৃষ্টৰ জন্ম। যীশুখৃষ্টৰ জন্মদিন হিচাপে এই দিনটোক পালন কৰা হ’লেও শিশুৰ মনত কিন্তু এই দিনটো কেৱল উপহাৰ পোৱাৰহে বিশেষ দিন।
শিশুক উপহাৰ দিবলৈ ৰঙা চোলা, দীঘল দাড়িৰে টুপি পৰিহিত এজন বৃদ্ধ আহে প্ৰত্যেকবছৰেই। নাম ছান্তা ক্লজ। বগা হৰিণৰ স্লেজ গাড়ীৰে প্ৰত্যেকবছৰেই শিশুৰ বাবে উপহাৰ কঢ়িয়াই বৰদিনত উপস্থিত হয়হি ছান্তা ক্লজ। শিশুমনত ছান্তা মানেই বিশেষ। কিন্তু প্ৰত্যেক বছৰেই বৰদিনত চৰ্চা লভা এই ছান্তাৰ চৰ্চা কেতিয়াৰে পৰা আৰম্ভ হৈছিল? কোন দেশৰ বাসিন্দা আছিল ছান্তা?
লোকবিশ্বাস মতে ছান্তাৰ ঘৰ ফিনলেণ্ডৰ এখন গাৱঁত। ফিনলেণ্ডৰ লেপলেণ্ড এলেকাকৰ ৰোভানিমি গাওঁৰ বাসিন্দা ছান্তা। এই গাঁৱখন বছৰৰ সকলোসময়তে বৰফেই ঢাকি ৰাখে। এই বিশেষ গাঁৱখনে চৰকাৰীভাৱেই ছান্তাৰ গাওঁ হিচাপে স্বীকৃতি লাভ কৰিছে। এই গাঁৱতেই ছান্তাই বৰদিনত শিশুক উপহাৰ দিবলগীয়া সকলো সামগ্ৰী সাজু কৰে। চান্তাৰ এই গাৱঁত বৰদিন আৰম্ভ হয় ২৩ ডিচেম্বৰৰ পৰাই। ‘ছান্তা ইজ অন দ্যা ৱে’ নামৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই গাঁৱত বাস কৰা প্ৰত্যেকজন মানুহেই সুখী মানুহ। এই গাঁৱত বহুকেইকন জনপ্ৰিয় ৰেষ্টোৰাও আছে।
ছান্তাৰ এই গাৱঁত বৰ্তমানো চিঠি লিখাৰ পৰম্পৰা অব্যাহত আছে। প্ৰত্যেকবছৰেই এই গাঁৱৰ বাসিন্দাই ছান্তা সাজি শিশুৰ বাবে বিশেষ চিঠিও লিখা পৰিলক্ষিত হয়। ছান্চতাৰ পৰম্পৰা জীয়াই ৰখা হেতুকে এই গাঁৱক ছান্তাৰেই গাওঁ বুলি অভিহিত কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ