সংবাদমাধ্যমৰ সৈতে ব্যস্ত থকাৰ সময়তে আৰক্ষীয়ে আহি আটক কৰে কংগ্ৰেছ সাংসদক, দুষ্কৰ্মৰ অভিযোগ
সংবাদ মেল চলি থকাৰ মাজৰ পৰাই এগৰাকী কংগ্ৰেছ সাংসদক হঠাতে আৰক্ষীয়ে আহি আটক কৰি লৈ যায়। যি ঘটনাই বৰ্তমানে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ধৰ্ষণৰ অভিযোগত আটক কৰে সাংসদ গৰাকীক। ধৰ্ষণৰ অভিযোগৰ সন্মুখীন হোৱা উত্তৰ প্ৰদেশৰ সীতাপুৰ লোকসভা আসনৰ কংগ্ৰেছৰ সাংসদ ৰাকেশ ৰাথোৰক বৃহস্পতিবাৰে নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে যেতিয়া ৰাকেশ ৰাথোৰক গ্ৰেপ্তাৰ কৰিছিল তেতিয়া তেওঁ নিজৰ বাসগৃহত সংবাদ মাধ্যমৰ সৈতে কথা পাতি আছিল। প্ৰত্যাশিত জামিন আবেদন উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
উল্লেখযোগ্য যে যোৱা ১৭ জানুৱাৰীত ৰাকেশ ৰাথোৰৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি দলৰ এগৰাকী মহিলা কৰ্মীয়ে গোচৰ ৰুজু কৰিছিল। ৰাজনীতিত কেৰিয়াৰৰ প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰি সাংসদ ৰাকেশ ৰাথোৰে ধৰ্ষণ কৰাৰ অভিযোগ ভুক্তভোগী মহিলাগৰাকীৰ।
ইয়াৰ পিছত ৰাকেশ ৰাথোৰে আগতীয়া জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও উচ্চ ন্যায়ালয়ে তেওঁক ১০ দিনৰ ভিতৰত সাংসদ-বিধায়ক আদালতত আত্মসমৰ্পণ কৰিবলৈ কয়। উচ্চ ন্যায়ালয়ৰ পৰা সকাহ নোপোৱাৰ পিছত অৱশেষত কোটৱালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ