অসম লাইভ২৪ঃ দেশলৈ দুটাকৈ অস্কাৰ অহাৰ পাছতেই এতিয়া সকলোতে অস্কাৰৰেই চৰ্চা৷ কোনো ছবি বা গীতে অস্কাৰ লাভ কৰা মানেই এটা সোণৰ ট্ৰফীয়েই লাভ কৰেনে ধন বা আন কিবাও লাভ কৰে সেই কথা জানিবলৈ বহুজনেই আগ্ৰহী৷
বিশ্বৰ সকলোতকৈ দামী এৱাৰ্ড শ্ব’ অস্কাৰলৈ কোনো এখন ছবি মনোনিত হোৱাটোৱেই ডাঙৰ কথা৷ তাৰমাজতেই যদি বঁটা লাভো কৰে সেয়া তাতকৈয়ো গুৰুত্বপূৰ্ণ কথা৷ অস্কাৰ লাভ কৰা কোনো ছবি বা গীতে সন্মানৰ লগতে কি কি লাভ কৰে? এক মিডিয়া ৰিপোৰ্টত প্ৰকাশ পোৱা অনুসৰি একাডেমী এৱাৰ্ড বিজয়ীয়ে পুৰস্কাৰত কোনো ধনৰাশি কিমান লাভ কৰে সেয়া স্পষ্ট নহয়৷
সোনৰ বিশেষ ট্ৰফী লাভ কৰাটোৱে চিনেমাখনৰ সৈতে জড়িত কলা-কুশলীসকলৰ সন্মান বৃদ্ধি কৰে৷ ব্ৰেণ্ড ভেল্যু বৃদ্ধি পাই এই বঁটা লাভ কৰা চিনেমাৰ কলা-কুশলীসকলৰ৷ লগতে বঁটাৰ সৈতে এটা বিশেষ বেগ থাকে তাত প্ৰায় ১ কোটি টকা থাকে বুলিও বহুতেই প্ৰকাশ কৰিছে৷ ইপিনে যিখন ছবিয়ে অস্কাৰ লাভ কৰে সেই বিশেষ ছবিখনে বহুপৰিমানে ৰয়েল্টিও লাভ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















