আধুনিক জীৱনযাত্ৰাত কম বয়সতেই শৰীৰত বাঁহ বান্ধিছে জটিল ৰোগে৷ নেপথ্যত অস্বাস্থ্যকৰ খাদ্যভাষ, শৰীৰচৰ্চাৰ অভাৱ, অতিৰিক্ত দুশ্চিন্তাসহ বিভিন্ন কাৰণ৷ কেইবছৰমান পূৰ্বে কমবয়সীয়াসকলৰ মাজত কলষ্টেৰল বঢ়াৰ সমস্যা নাছিল৷ কিন্তু এতিয়া বয়স ৪০ নৌহওঁতেই কলষ্টেৰলৰ সমস্যা বৃদ্ধি পাইছে প্ৰায়সংখ্যকৰ মাজত৷ প্ৰকৃততে বেয়া কলষ্টেৰলৰ মাত্ৰা বাঢ়িলে তেজত ভাঁহি থকা পদাৰ্থসমূহ এটা সময়ত ধমনীৰ গাত লাগি ধৰে৷ ফলত শৰীৰত তেজৰ চলাচলত বাধা পোৱাৰ নানান সমস্যা আৰম্ভ হয়৷ এক কথাত শৰীৰৰ স্বাস্থ্যৰ সৈতে তেজৰ কলষ্টেৰলৰ মাত্ৰাৰ গভীৰ সম্পৰ্ক আছে৷ উচ্চ মাত্ৰাৰ কলষ্টেৰলৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰোক আৰু অন্যান্য হৃদৰোগৰ আশংকা বহুগুণে বাঢ়ি যায়৷
শৰীৰত কলষ্টেৰল বাঢ়ি থাকিলে কিছু নিৰ্দিষ্ট অংশত বিষ আৰু অস্বস্তিয়ে দেখা দিয়ে৷ যি অধিকাংশ মানুহেই অৱহেলা কৰি থাকে৷ চিকিৎসকৰ মতে এই ধৰণৰ কিছু লক্ষণ খুব সাধাৰণ বুলি ধাৰণা কৰিলেও উচ্চ কলষ্টেৰলৰ গুৰুত্বপূৰ্ণ সতৰ্কবাৰ্তা হব পাৰে৷ যি চিনাক্ত কৰি চিকিৎসা আৰম্ভ কৰিলে বিপদ এৰোৱা সম্ভৱ হয়৷ এই ক্ষেত্ৰত কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
ভৰিৰ বিষ বা আঁঠুৰ বিষ
ৰক্তনলীত কলষ্টেৰল জমা হলে ভৰিত তেজ চলাচল ব্যাহত হয়৷ ইয়াক কোৱা হয় পেৰিফেৰাল আৰ্টাৰি ডিজিজ৷ ইয়াৰ ফলত খোজ কঢ়াৰ সময়ত ভৰি টানি ধৰা বা বিষ অনুভৱ হব পাৰে৷
নিশা ভৰি ঝিনঝিনোৱা
নিশা হোৱাৰ সময়ত হঠাৎ ভৰি ঝিনঝিনোৱা, বিশেষকৈ ভৰিৰ তলুৱা বা পেশী টানি টানি ধৰিলে এয়াও কলষ্টেৰলজনিত ৰক্তনলী সংকোচনৰ কাৰণ হব পাৰে৷ এইক্ষেত্ৰত ভৰি ওলোমাই ৰাখিলে তেজৰ প্ৰবাহ কিছু স্বাভাৱিক হয় আৰু ক্ষণিক স্বতি পোৱা যায়৷
ভৰি বিষ
মাজে মাজে কাৰণ নোহোৱাকৈয়ে ভৰিৰ বিষ হৈ থাকে নেকি? ভৰিৰ পতা অৱশ হৈ যায় নেকি? ভৰিৰ ৰক্তনলীত কলষ্টেৰল জমা হোৱাৰ কাৰণে এই সমস্যা হব পাৰে৷ ভৰিত বিষো হব পাৰে৷ বিশেষকৈ নিশা শুৱাৰ সময়ত এই সমস্যা বেছি হয়৷
বুকুৰ বিষ বা চাপ অনুভৱ
বুকুৰ বিষ বা চাপ অনুভৱ কৰাটো কলষ্টেৰলৰ এক প্ৰধান আৰু গুৰুতৰ লক্ষণ৷ প্ৰকৃততে হৃদযন্ত্ৰৰ ধমনীত কলষ্টেৰল জমা হোৱাৰ ফলত বুকুত চাপ পৰে আৰু জ্বলাপোৰা অনুভৱ হয়৷ এই ধৰণৰ লক্ষণসমূহ হাৰ্ট এটেক বা কৰোনাৰি ধমনী ৰোগৰ বাবে হব পাৰে৷
কান্ধত বিষ
কলষ্টেৰল বৃদ্ধি হলে ডিঙিৰ চাৰিওফালে বিষ হব পাৰে৷ প্ৰকৃততে কলষ্টেৰল বাঢ়িলে সম্পূৰ্ণ শৰীৰৰ ৰক্তপ্ৰৱাহ বাধাগ্ৰস্থ হবলৈ আৰম্ভ কৰে ফলত ডিঙিৰ চাৰিওফালে আৰু কান্ধত অস্বাভাৱিক বিষ অনুভূত হয়৷ যি বহু সময়ত টানি ধৰা বা পেশী বিষৰ দৰে লাগে৷
ভৰি ঠাণ্ডা হৈ জঠৰ হৈ পৰা
এখন ভৰি বা দুখন ভৰি হঠাৎ ঠাণ্ডা হৈ পৰিলে সেয়া তেজৰ ৰক্তপ্ৰবাহ কমি যোৱাৰ ফলত হব পাৰে৷ এই অৱস্থাত ছাল নীলা হৈ পৰিবও পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















