পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে তেওঁৰ গাদী বচাবলৈ এক নতুন পদক্ষেপ লৈছে। ইমৰান খানে বিৰোধী দলৰ নেতালৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছে যে যদি তেওঁৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা হয় তেনে তেওঁ এছেম্বলী ভংগ কৰিব। উল্লেখ্য যে পাকিস্তানৰ সংসদত ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ সন্দৰ্ভ আজিৰ পৰা আলোচনা আৰম্ভ হৈছে।
পাকিস্তানৰ জিঅ’ নিউজৰ মতে ইমৰান খানে তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিলে এছেম্বলী ভংগ কৰাৰ প্ৰস্তাৱ দিছে। সূত্ৰ অনুসৰি, এজন বিশ্বস্তনীয় ব্যক্তিয়ে বিৰোধী শিবিৰৰ নেতা শ্বাহবাজ শ্বৰীফলৈ ইমৰান খানৰ প্ৰস্তাৱটো প্ৰেৰণ কৰিছে। ইফালে প্ৰধানমন্ত্ৰী ইমৰান খানে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় সুৰক্ষা সমিতিৰ (এনএছচি) এখন বৈঠক অনুষ্ঠিত কৰিছিল।
লগতে পঢ়ক জঘন্য! ৰক্ষা নপৰিল গৰ্ভৱতী ছাগলীও, ধৰ্ষণ কৰি হত্যা তিনি লোকৰ, এজনক গ্ৰেপ্তাৰ
বিৰোধী নেতা শ্বৰীফে পাকিস্তানী সংবিধানৰ অনুচ্ছেদ এ-৯৫ ৰ অধীনত ইমৰাণ খানৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে য’ত ১৬১ জন সদস্যই স্বাক্ষৰ কৰিছে। অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটগ্ৰহণ ৩ এপ্ৰিলত অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে৷ ভোটগ্ৰহণৰ পূৰ্বে সংসদত আজিৰে পৰা দুয়োপক্ষৰ মাজত প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্কৰ আৰম্ভ হৈছে।
ইফালে ইমৰাণ খানৰ চৰকাৰৰ দুই গুৰুত্বপূৰ্ণ অংশীদাৰ দল ক্ৰমে মুত্তাহিদা কৌমি মুভমেণ্ট (এমকিউএম) আৰু বেলুচিস্তান আৱামী পাৰ্টি (বিএপি)য়ে ইমৰাণ খানৰ সংগ ত্যাগ কৰি বিৰোধী মৰ্চাত যোগদান কৰাৰ পিছতে বিৰোধীৰ স্থিতি অধিক শক্তিশালী হৈছে।
লগতে পঢ়ক প্ৰাণনাশৰ আশংকা! তথাপিও বুলেটপ্ৰুফ বৰ্ম পিন্ধিবলৈ ৰাজী নহয় ইমৰাণ খান
আনহাতে, প্ৰধানমন্ত্ৰী ইমৰান খানৰ ওপৰত পদত্যাগৰ বাবে বৰ্ধিত চাপৰ মাজত তেওঁৰ মন্ত্ৰীসকলে কৈছে যে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘অন্তিম অভাৰৰ শেষ বল’লৈকে যুঁজ অব্যাহত ৰাখিব।
বিৰোধীয়ে ইমৰাণ খানৰ চৰকাৰ পতন ঘটাবলৈ ৩৪২ জনীয়া নিম্ন সদনত ১৭২ টা ভোটৰ প্ৰয়োজন হ’ব। জমিয়ত উলেমা-ই-ইছলাম ফজল (জেইউআই-এফ)ৰ মুৰব্বী মৌলানা ফজলুৰ ৰেহমানে দাবী কৰিছে যে বিৰোধীৰ ১৭৫ জন সাংসদৰ সমৰ্থন আছে আৰু প্ৰধানমন্ত্ৰী ইমৰাণ খানে পদত্যাগ কৰা উচিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ