এক পাষাণ পিতৃৰ জঘন্য তথা নাৰকীযয় কাণ্ড পোহৰলৈ আহিছে৷ এজন পিতৃয়ে ১২ বছৰীয়া শিশু পুত্ৰক শৰীৰত কেৰাচিন ঢালি জ্বলাই হত্যা কৰিছে৷
এই জঘন্য ঘটনাটো সংঘটিত হৈছে চুবুৰী ৰাষ্ট্ৰ পাকিস্তানত৷ ঘটনাৰ বিৱৰণীৰ মতে পাকিস্তানৰ কৰাচীৰ এজন লোকে তেওঁৰ ১২ বছৰীয়া পুত্ৰই হোমৱৰ্ক নকৰাৰ বাবে পুত্ৰক জ্বলাই হত্যা কৰিছে৷
পাকিস্তানৰ সংবাদ পত্ৰ ‘ডন’ৰ বাতৰি অনুসৰি কৰাচীৰ ওৰাংগী চহৰৰ নাজিৰ নামৰ লোকজনে তেওঁৰ শ্বাহীৰ নামৰ ১২ বছৰীয়া পুত্ৰ সন্তানৰ শৰীৰত প্ৰথমে কেৰাচিন ছটিয়াই অগ্নিসংযোগ কৰে৷ ইয়াৰ পাছতে শ্বাহীৰৰ সমগ্ৰ শৰীৰত জুইয়ে ছানি ধৰে আৰু অগ্নিদগ্ধ হয় আৰু স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত যোৱা ১৬ ছেপ্টেম্বৰত মৃত্যু বৰণ কৰে৷
লগতে পঢ়ক এইখন অসমৰে ঘটনা, স্বামীৰ অনুপস্থিতিত প্ৰেমিকেৰে অশ্লীল ভিডিঅ’ কৰি ভাইৰেল কৰিলে মহিলাই
আৰক্ষীৰ উদ্ধৃতিৰে স্থানীয় সংবাদ মাধ্যম জনোৱা অনুসৰি শ্বাহীৰে হোমৱৰ্ক কৰি চিলা উৰুৱাবলৈ যাবলৈ বিচাৰে যদিও পিতৃয়ে যাবলৈ নিদি হোমৱৰ্ক সন্দৰ্ভত প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে৷ পুত্ৰই সন্তোষজনক উত্তৰ দিব নোৱাৰাত পিতৃয়ে খঙত অগ্নিশৰ্মা হৈ পুত্ৰক ভয় খোৱাবলৈ শৰীৰত কেৰাচিন ছটিয়াই দিয়ে৷ ইয়াৰ পাছতে খঙৰ ভমকত পিতৃ নাজিৰে পুত্ৰৰ শৰীৰত অগ্নিসংযোগ কৰে৷
ঘটনাটো গম পায়ে শ্বাহীৰৰ মাতৃয়ে ভিতৰৰ পৰা এখন কম্বল লৈ পুত্ৰৰ গাত মেৰিয়াই জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে৷ নাছিৰেও পুত্ৰৰ শৰীৰৰ জ্বলন্ত জুই নিৰ্বাপনৰ বাবে পত্নীক সহযোগ কৰে যদিও শ্বাহীৰ সমগ্ৰ শৰীৰটো ইতিমধ্যে জুইত দগ্ধ হৈছিল৷
ইয়াৰ পাছতে শ্বাহীৰক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে যোৱা ১৬ ছেপ্টেম্বৰ ১২ বছৰীয়া শ্বাহীৰৰ কৰুণ মৃত্যু ঘটে৷
লগতে পঢ়ক ছৌদিৰ ৰজাসকলৰ কিমান গৰাকীকৈ পত্নী আৰু সন্তান আছিল? জানিবলৈ চাওক
এই জঘন্য ঘটনাৰ দুদিন পিছতে অভিযুক্ত নাছিৰৰ পত্নী তথা শিশুটিৰ মাতৃ স্বামীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অভিযুক্ত পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে নাজিৰক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱায়৷
আৰক্ষীয়ে নাজিৰক অহা ২৪ ছেপ্টেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে৷ খবৰ অনুসৰি, প্ৰাৰম্ভিক তদন্তৰ সময়ত অভিযুক্ত নাজিৰে তদন্তকাৰী বিষয়াক জনাইছিল যে তেওঁৰ পুত্ৰক হত্যা কৰাৰ উদ্দেশ্য নাছিল। স্কুলৰ হোমৱৰ্ক নকৰাৰ বাবে পুত্ৰক ভয় খুৱাবলৈ কেৰাচিন ছটিয়াই দিয়া বুলি অভিযুক্তই জানিবলৈ দিয়ে।
অভিযুক্তই জনোৱা মতে, পুত্ৰক ভয় খুৱাবলৈ জুই জ্বলাইছিল যদিও সেই জুই শ্বাহীৰৰ কেৰাচিন লাগি থকা শৰীৰত সংযোগ ঘটাত হঠাতে জুইয়ে বেয়াকৈ আগুৰি ধৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















