বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি শনিদেৱ, চন্দ্ৰ, বুধ আৰু শুক্ৰসহ সকলো গ্ৰহৰে পৃথক পৃথক মাহাত্ম্য আছে৷ এই পৃথক পৃথক গুৰুত্ব থকা ৰাশিসমূহে যেতিয়া একেলগে জোঁট বান্ধে তেতিয়াই আৰম্ভ হয় শুভ সময়৷ এইবাৰ মীন ৰাশিত এই সমস্ত গ্ৰহ অৰ্থাৎ একেলগে বহু গ্ৰহ মিলি তৈয়াৰ কৰিছে বিশেষ যোগ৷ এই বিশেষ যোগত লাভৰ মুখ দেখিব কেইটামান ৰাশিৰ জাতকে৷ কোন কোন ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব?
মীন ৰাশি
পঞ্চগ্ৰহী ৰাজযোগ লাকি প্ৰমাণিত হ’ব মীন ৰাশিৰ জাতক জাতিকাৰ বাবে৷ এই ৰাশিৰ বহু ক্ষেত্ৰত আহিব অপাৰ সাফল্য৷ শুক্ৰই এই ৰাশিত মালব্য যোগ তৈয়াৰ কৰিছে৷ এই ৰাশিৰ জাতক জাতিকাই ধন সম্পত্তিৰ মালিক হ’ব পাৰিব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম এই সময়ত সম্পূৰ্ণ হ’ব৷ আধ্যাত্মিকতাৰ দিশত আগ্ৰহ বাঢ়িব আপোনাৰ৷ আপোনাৰ সময় ভালে যাব৷ আপুনি আত্ম মন্থনৰ উদ্যোগ লব৷ আপোনাৰ ভিতৰত এটা পৰিবৰ্তন আহিব৷ আপোনাৰ তৰ্কৰ ক্ষমতা বাঢ়িব৷ কেৰিয়াৰসহ বহু দিশত লাভ পাব আপুনি৷
কুম্ভ ৰাশি
এই ৰাশিৰ দ্বিতীয় ঘৰত আছে এই ৰাজযোগ৷ এই ৰাশিৰ জাতক জাতিকাই সকলো দিশত অপাৰ সাফল্য পাব পাৰে৷ শনিদেৱৰ কৃপাত ৰৈ থকা কাম এইবাৰ সম্পন্ন হ’ব৷ পদোন্নতিৰ সৈতে চাকৰিৰ সুযোগ আহিব৷ শাৰীৰিক নানান সমস্যাৰ পৰা মুক্তি পাব৷ গাড়ী, ঘৰ কিনাৰ ইচ্ছা থাকিলে সেয়া পূৰণ হব৷ শুক্ৰৰ কৃপাত ভালে থাকিব প্ৰেম জীৱন৷ বৈবাহিক জীৱনলৈ সুখ আনন্দ আহিব৷ আকস্মিক ধনলাভৰ যোগ তৈয়াৰ হব৷
মিথুন ৰাশি
কৰ্মভাৱত এই শক্তিশালী ৰাজযোগ নিৰ্মাণ হব৷ এই ৰাশিৰ জাতক জাতিকাই চাকৰি, ব্যৱসায়ত তুমুল লাভ কৰিব পাৰিব৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বিপুল লাভৰ যোগ আছে৷ যিসকলে চাকৰিৰ বাবে অন্য সংস্থাত আৱেদন কৰিছে তেওঁলোকেও চাকৰি লাভ কৰিব৷ ব্যৱসায়ত লাভ হব৷ ব্যৱসায়ক লৈ নতুন ষ্ট্ৰেটেজি থাকিলে লাভ পাব৷
উল্লেখ কৰা প্ৰয়োজন যে ২৫ এপ্ৰিলৰ পুৱা ৩ বাজি ২৫ মিনিটত মীন ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই৷ তাতেই ২৭ এপ্ৰিল পৰ্যন্ত থাকিব৷ সেই সময়তেই মীন ৰাশিত পঞ্চগ্ৰহী যোগ৷ ৫৪ ঘণ্টাৰ বাবে তৈয়াৰ হব পঞ্চগ্ৰহী যোগ৷ তাৰ ফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















