১৪ মাৰ্চ মকৰ সংক্ৰান্তি উদযাপন হ’ব৷ গ্ৰহৰ ৰজা সূৰ্যই যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া মকৰ সংক্ৰান্তিৰ পৰ্ব পালন কৰা হয়৷ এই বছৰ মকৰ সংক্ৰান্তিৰ পাছত মকৰ ৰাশিত সূৰ্যৰ ওপৰিও আৰু চাৰিটা গ্ৰহই এন্ট্ৰী ল’ব এই ৰাশিত৷ ফলত তৈয়াৰ হ’ব পঞ্চগ্ৰহী যোগ৷ ১৯ জানুৱাৰীত সূৰ্য, মঙ্গল, বুধ, শুক্ৰ আৰু চন্দ্ৰই মকৰ ৰাশিত পঞ্চগ্ৰহী যোগ তৈয়াৰ কৰিব৷ জ্যোতিষমতে এই শুভ যোগে ৪ৰাশিৰ জাতকক মালামাল কৰিব৷ জানি থওক সেই লাকী ৰাশি কি কি?
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে আয় বৃদ্ধিৰ নতুন সুযোগ আহিব৷ পূৰ্বে পৰা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব৷ কৰ্মক্ষেত্ৰত স্থিৰতা আহিব৷ আপোনাৰ আৰ্থিক পৰিস্থিত পূৰ্বতকৈ আৰু মজবুত হব৷ দীৰ্ঘসময় ধৰি কৰা পৰিশ্ৰমে এইবাৰ ইতিবাচক ফল দিব৷ পাৰিবাৰিক জীৱনলৈ ভালসাম্য আহিব৷ ভৱিষ্যতৰ বাবেও আপোনাৰ দৃষ্টিভংগী আৰু ইতিবাচক আৰু নিৰ্ভৰযোগ্য হব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ বাবে এই যোগে হঠাৎ অৰ্থলাভৰ ইংগিত দিছে৷ দীৰ্ঘ সময় ধৰি ৰৈ থকা অৰ্থ উভতাই পাব৷ কোনো পুৰণি ঋণৰ পৰা মুক্তি পাব৷ সৃজনশীল ক্ষেত্ৰৰ পৰা সুখবৰ পাব পাৰে৷ প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব৷ সন্তানৰ পক্ষৰ পৰাও কোনো সুখবৰ পাব পাৰে৷
তুলা ৰাশি
এই শুভ যোগে তুলা ৰাশিৰ কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতিৰ দুৱাৰ খুলিব ৷ চাকৰি, আৰ্থিক পৰিস্থিতি আৰু সামাজিক প্ৰতিষ্ঠা এই তিনি ক্ষেত্ৰত ইতিবাচকতা দেখা পাব৷ অংশীদাৰিত্বৰ ব্যৱসায়ত কোনো নতুন যোগাযোগ লাভৰ সুযোগ আহিব পাৰে৷ এই সময়ত আত্মবিশ্বাস বৃদ্ধি হব৷ সিদ্ধান্ত লোৱাৰ ক্ষমতা পূৰ্বতকৈ বাঢ়িব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ এই সময়ত অৰ্থ সংক্ৰান্তিয় পুৰণি বিবাদৰ সমাধান হব৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় কাজিয়া থাকিলে দূৰ হব৷ এই সময়ত সোণ, ৰূপ আৰু সম্পত্তিত বিনিয়োগৰ যোগ তৈয়াৰ হব৷ ভৱিষ্যতৰ যোজনা আৰু পৰিপক্ক আৰু মজবুত হব৷ ইয়াৰ সৈতে সামাজিক সহযোগিতা আৰু সমৰ্থন পাব৷ প্ৰভাৱশালী আৰু অভিজ্ঞ মানুহৰ সৈতে সম্পৰ্ক বাঢ়িব৷ যিয়ে ভৱিষ্যতে লাভদায়ক প্ৰমাণিত হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















