অসম লাইভ ২৪ঃ মাজুলীৰ পৰা গুৱাহাটী অভিমুখে লৈ অনা হৈছে পৰিমিতা দাসৰ মৃতদেহ৷ বুধবাৰে ব্ৰহ্মপুত্ৰৰ শোকাৱহ নাও দুৰ্ঘটনাত মৃত্যু হৈছিল ৰঙাচাঁহি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসে৷ গুৱাহাটীত সম্পন্ন হ’ব পৰিমিতাৰ মৃতদেহ৷ কৰ্মসূত্ৰে মাজুলীত থকা পৰিমিতাৰ ঘৰ গুৱাহাটীৰ কাহিলীপাৰাত৷ সম্প্ৰতি পৰিমিতাৰ বাসগৃহত এক শোকাকুল পৰিবেশ৷ ইপিনে, বৰ্তমানেও সন্ধানহীন হৈ আছে ডাঃ বিক্ৰমজিৎ বৰুৱা আৰু ইন্দ্ৰেশ্বৰ বৰা৷ বায়ুসেনা বাহিনীৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে SDRF আৰু NDRF বাহিনীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ