অসম লাইভ২৪ঃ আহিন মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথি ২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে পিতৃপক্ষ৷ পিতৃপক্ষ শেষ হ’ব মহালয়াৰ দিনা৷ পূৰ্বপুৰুষক এই সময়ছোৱাত পিতৃলোক তথা মৰ্ত্যলোকত নিজৰ পৰিয়ালৰ কাষলৈ অন্ন-জল গ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হয়৷ শাস্ত্ৰ অনুসৰি পিতৃপক্ষৰ এই সময়ত বিভিন্ন উদ্দেশ্য সাধনৰ বাবে এই শ্ৰাদ্ধ বিভিন্ন ধৰণে পতা হয়৷ পিতৃপুৰুষৰ মৃত্যু তিথিত কেনেকৈ শ্ৰাদ্ধ কৰিব লাগে?
শ্ৰাদ্ধৰ বিভিন্ন প্ৰকাৰ
ভৱিষ্য পুৰাণত ১২ ধৰণৰ শ্ৰাদ্ধৰ কথা বৰ্ণনা কৰা আছে৷ এইসমূহৰ মাজত নিত্য, নৈমিত্তিক, কাম্য, বৃদ্ধি, সপিণ্ডন, পাৰ্বন, গোষ্ঠী, শুদ্ধযৰ্থ, কৰ্মাংগ, তীৰ্থ, যাত্ৰাৰ্থ, পুষ্ট্যৰ্থ৷
নিত্য শ্রাদ্ধ
শাস্ত্রমতে কোনো অন্ন, জল, গাখীৰ, কুশ, ফুল আৰু ফলেৰে প্ৰতিদিনে শ্ৰাদ্ধ কৰিলে পূৰ্ব পুৰুষ তুষ্ট হয়৷
নৈমিত্তিক শ্রাদ্ধ
বিশেষ সময়ত এই শ্ৰাদ্ধ কৰা হয়৷ পিতৃৰ মৃত্যু তিথিত এই শ্ৰাদ্ধ কৰা হয়৷ এই শ্ৰাদ্ধক একোদিষ্ট বুলিও কোৱা হয়৷
কাম্য শ্ৰাদ্ধ
কোনো কামনা আৰু সিদ্ধি লাভৰ বাবে কাম্য শ্ৰাদ্ধ কৰা হয়৷ সৌভাগ্য লাভৰ বাবেও এই শ্ৰাদ্ধ কৰা হয়৷
বৃদ্ধি শ্ৰাদ্ধ
শাস্ত্ৰমতে সৌভাগ্য লাভৰ বাবে এই শ্ৰাদ্ধ কৰা হয়৷ শ্ৰী বৃদ্ধিৰ কামনাৰে এই শ্ৰাদ্ধ কৰা হয়৷
সপিণ্ডন শ্ৰাদ্ধ
ব্যক্তিৰ মৃত্যুৰ দ্বাদশ দিনত পূৰ্বপুৰুষৰ সৈতে মিলনৰ বাবে এই শ্ৰাদ্ধ কৰা হয়৷ মহিলাসকলেও এই শ্ৰাদ্ধ কৰিব পাৰে৷
পাৰ্বণ শ্ৰাদ্ধ
পিতৃ, ককা, আইতা, আজো আইতা, আজো ককাকক উদ্দেশ্যি এই শ্ৰাদ্ধ কৰা হয়৷ পাৰ্বনৰ তিথিত এই শ্ৰাদ্ধ কৰা হয়৷
গোষ্ঠী শ্ৰাদ্ধ
পৰিয়ালৰ সমস্ত লোকৰ সৈতে মিলিজুলি এই শ্ৰাদ্ধ কৰা হয়৷ সকলো সময়তে গোষ্ঠীবদ্ধভাৱে এই শ্ৰাদ্ধ কৰা হয়৷
শুদ্ধযৰ্থ শ্ৰাদ্ধ
পৰিয়ালৰ শুদ্ধতাৰ বাবে এই শ্ৰাদ্ধ কৰা হয়৷
কৰ্মাঙ্গ শ্ৰাদ্ধ
কোনো সংস্কাৰৰ সময়ত এই শ্ৰাদ্ধকৰ্ম কৰা হয়৷ কৰ্মাঙ্গ অৰ্থাৎ কৰ্মৰ সৈতে এই শ্ৰাদ্ধ জড়িত হৈ আছে৷
তীৰ্থ শ্ৰাদ্ধ
সকলোসময়তে তীৰ্থসমূহত এই শ্ৰাদ্ধ কৰিব পাৰি৷
যাত্ৰাৰ্থ শ্ৰাদ্ধ
যাত্ৰাৰ সফলতাৰ বাবে এই শ্ৰাদ্ধ কৰা হয়৷
পুষ্টৰ্থ শ্ৰাদ্ধ
আৰ্থিক উন্নতি বৃদ্ধি, সুস্বাস্থ্য আৰু পুষ্টিৰ উদ্দেশ্যে এই শ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়৷ পূৰ্বপুৰুষৰ মৃত্যু তিথি জনা থাকিলে এই শ্ৰাদ্ধকৰ্ম কৰিব পৰে৷
শাস্ত্ৰমতে কোনো ব্যক্তিৰ মৃত্যু তিথি নাজানিলে কেনেকৈ পিতৃতৰ্পণ কৰিব?
পিতৃপক্ষৰ নৱমী তিথিত সমস্ত মৃত মহিলাসকলৰ শ্ৰাদ্ধ কৰা উচিত৷ ইয়াক মাতৃনৱমী বুলিও কোৱা হয়৷ ৭ অক্টোবৰত মাতৃ নৱমী পালন কৰা হয়৷
পূৰ্বপুৰুষৰ মৃত্যু তিথি জনা থাকিলে সৰ্বপিতৃ অমাবস্যাৰ দিনা এই শ্ৰাদ্ধ কৰিব পাৰে৷ ১৪ অক্টোবৰত সৰ্বপিতৃ অমাবস্যা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ