অসম লাইভ২৪ঃ এই মাহত তিনিটা গ্ৰহে বক্ৰী দশাত বিচৰণ কৰিব। বৰ্তমান কৰ্মফল আৰু ন্যায় দণ্ডাধিকাৰী হৈছে শনি। বুদ্ধি আৰু ব্যৱসায়ৰ কাৰক গ্ৰহ বুধ আৰু ধন আৰু সমৃদ্ধিৰ কাৰ গ্ৰহ বৃহস্পতি বক্ৰী অৱস্থাত যথাক্ৰমে কুম্ভ, সিংহ আৰু মেষ ৰাশিত ভ্ৰমণো কৰিছে। এই তিনি গ্ৰহৰ বক্ৰী দশাই সমস্ত ৰাশিৰ জাতকৰ জীৱনতেই প্ৰভাৱ বিস্তাৰ কৰিব। শনি, বুধ আৰু বৃহস্পতিৰ আশীৰ্বাদত তিনি ৰাশিৰ জাতকে উন্নতি আৰু সাফল্য লাভ কৰিব। ইয়াৰোপৰি কেৰিয়াৰ আৰু ব্যৱসায়ত প্ৰচুৰ উন্নতিও হ’ব। বুধ, শনি আৰু বৃহস্পতিৰ আশীৰ্বাদত ভাল সময় কটাব তিনি ৰাশিৰ জাতকে।
বৃষ ৰাশি
বৃহস্পতি, বুধ আৰু শনিৰ ওলোটা পথত ভ্ৰমণ এই ৰাশিৰ জাতকৰ বাবে ভাল খবৰ কঢ়িয়াব। বৃষ ৰাশিৰ চাকৰিয়াল জাতকৰ সময় ভাল হ’ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব। এই সময়ত জুনিয়ৰ আৰু ছিনিয়ৰসকলৰ সহযোগিতা লাভ কৰিব। নতুন চাকৰিও লাভ কৰিব পাৰে। সম্পত্তিও লাভ কৰাৰ সম্ভাৱনা। আনহাতে এই ৰাশিৰ বেকাৰ জাতকসকলে চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব। পৈতৃক সম্পত্তি লাভ কৰিব। আৰ্থিক পৰিস্থিতি মজবুত হোৱাৰ সম্ভাৱনা।
কন্যা ৰাশি
জ্যোতিষ গণনা অনুসৰি এই তিনি গ্ৰহৰ বক্ৰী দশাই আৰ্থিক দিশত লাভৱান কৰিব কন্যা ৰাশিৰ জাতকক। আপোনাৰ হাতত হঠাৎ প্ৰচুৰ পৰিমানৰ অৰ্থ আহিব পাৰে। নিজৰ বাণীৰে সকলোকে ইম্প্ৰেছ কৰিব পাৰিব। আপোনাৰ মনোকামনা পূৰ্ণ হ’ব। ৰৈ থকা কোনো কাম সম্পন্ন হোৱাৰ সম্ভাৱনা। গাড়ী আৰু সম্পত্তি ক্ৰয়ৰ ইচ্ছা থাকিলে এই সময় সপোন পূৰণৰ সঠিক সময়।
ধনু ৰাশি
বুধ, বৃহস্পতি আৰু শনিৰ বক্ৰী দশাই ধনু ৰাশিৰ জাতকসকলক শুভ ফল প্ৰদান কৰিব। এই সময়ত ব্যৱসায়ত উন্নতি লাভ কৰিব ধনু ৰাশিৰ জাতকে। ইয়াৰোপৰি সমাজত মান-সন্মান আৰু প্ৰতিষ্ঠা লাভ কৰিব। ধৰ্মীয় কামত মনোনিৱেশ কৰিলে সুফল পাব। পূজা-অৰ্চনাৰ মাধ্যমেৰে মানসিক শান্তি লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। পৰিয়ালৰ সদস্যৰ পৰা ভাল ব্যৱহাৰ লাভ কৰিব। এই সময়ত মাতৃৰ দেহৰ যত্ন লওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ