বুধ, শুক্ৰ আৰু শনিৰ অৱস্থানৰ কাৰণে জ্যোতিষ দিশৰ পৰা আগষ্ট মাহ অত্যন্ত বিশেষ হৈ উঠিছে৷ কাৰণ এই মাহত এই তিনি গ্ৰহই ওচৰে ওচৰে অৱস্থান কৰিছে৷ বৰ্তমান সিংহ ৰাশিত শুক্ৰ আৰু বুধ বিৰাজমান৷ একেই ৰাশিত এই দুই গ্ৰহ উপস্থিত থাকি লক্ষ্মী নাৰায়ণ যোগ তৈয়াৰ কৰিছে৷ অন্যহাতে নিজৰ মূল ত্ৰিকোণ ৰাশি কুম্ভত অৱস্থান কৰি কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ আৰু শ শ ৰাজযোগ তৈয়াৰ কৰিছে শনিয়ে৷ অৱস্থানগত দিশৰ পৰা এই তিনি গ্ৰহই বৰ্তমান এটাই আনটোৰ কাষে কাষে আছে৷ বুধ, শুক্ৰ আৰু শনিৰ এই অৱস্থানে তিনি ৰাশিৰ জাতকৰ জীৱনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে৷ কোন কোন ৰাশিৰ সুসময় আহিছে? জানি থওক সবিশেষ৷
বৃষ ৰাশি
আগষ্ট মাহ বৃষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত বিশেষ৷ এই ৰাশিতেই বৃহস্পতি আৰু মঙলৰ যুঁটি তৈয়াৰ হৈছে৷ অন্য দিশে চতুৰ্থ স্থানত শুক্ৰ আৰু বুধ বিৰাজমান৷ সন্মুখত শনি আৰু শ শ ৰাজযোগ তৈয়াৰ কৰি বিচৰণ কৰিছে৷ মিত্ৰ শুক্ৰ আৰু বুধৰ ওপৰত শনিৰ দৃষ্টিও আছে৷ এই গ্ৰহ সংযোগৰ ওপৰিও কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগো বৃষ ৰাশিৰ জাতকৰ বাবে লাভজনক৷ এই ৰাশিৰ জাতকে কেৰিয়াৰত প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব৷ ধন ধ্যান বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ৷ নতুন চাকৰিৰ সন্ধানত থাকিলে লাভাম্বিত হ’ব৷ পৰিশ্ৰমৰ ফল পাব৷ শনিৰ আশীৰ্বাদত সমস্ত ক্ষেত্ৰত সাফল্য লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ স্বাস্থ্য ভালে থাকিব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ প্ৰথম স্থানত শুক্ৰ আৰু বুধ বিৰাজমান৷ মুখামুখি শনি শক্তিশালী অৱস্থান ভ্ৰমণ কৰিছে৷ এই ৰাশিৰ জাতকে বিশেষ লাভ অৰ্জন কৰিব পাৰে৷ সমসপ্তক যোগৰ ওপৰিও কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগৰ দ্বাৰা লাভাম্বিত হ’ব এই ৰাশিৰ জাতক৷ ব্যৱসায়ত প্ৰচুৰ মুনাফা অৰ্জন সম্ভৱ৷ প্ৰতিযোগীসকলৰ সৈতে প্ৰতিযোগিতাত নামিব পাৰে৷ ইয়াৰ দ্বাৰা আপুনি লাভাম্বিত হ’ব৷ অৰ্থ সঞ্চয়ত সাফল্য আহিব৷ আয়ৰ নতুন পথ মুকলি হ’ব আপোনাৰ সন্মুখত৷ দাম্পত্য জীৱনত স্বামী-স্ত্ৰীৰ মাজত মাধুৰ্য্য থাকিব৷ প্ৰেম জীৱন আনন্দময় হ’ব৷ স্বাস্থ্য ভালে থাকিব৷
বৃশ্চিক ৰাশি
এই ৰাশিৰ সপ্তম স্থানত শুক্ৰ আৰু বুধ বিৰাজমান৷ ইয়াৰোপৰি চতুৰ্থ স্থানত শনি উপস্থিত থাকি শ শ ৰাজযোগ তৈয়াৰ কৰিছে৷ এই সময়ত বৃশ্চিক ৰাশিৰ জাতকে কাজকৰ্মৰ ভাল পৰিণাম লাভ কৰিব৷ কেৰিয়াৰত ইতিবাচক প্ৰভাৱ পৰিব৷ ব্যৱসায়ত প্ৰচুৰ লাভ সম্ভৱ৷ চৰকাৰী প্ৰকল্প অৰ্জনত সফল হ’ব৷ ইয়াৰোপৰি আপোনাৰ আৰ্থিক পৰিস্থিতি ভালে থাকিব৷ অৰ্থ উপাৰ্জনত সফল হ’ব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব এই ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত মনোমালিন্য সমাপ্ত হ’ব৷ স্বাস্থ্য ভালে থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ