২০২৬ চনত মঙল, শনি আৰু বৃহস্পতি একেলগে অস্ত যোৱাৰ পাছত আকাশত গ্ৰহৰ অৱস্থানে ডাঙৰ সাল সলনি আহিব৷ জ্যোতিষ গণনাত দেখা গৈছে যে বছৰৰ আৰম্ভণিতে এই গ্ৰহ পৰিবৰ্তনৰ প্ৰভাৱ পৰিব পাঁচ ৰাশিৰ জীৱনত৷ বিশেষকৈ আৰ্থিক সিদ্ধান্ত, আয়, সঞ্চয় আৰু বিনিয়োগত বিশেষ সুযোগ লাভ কৰিব৷ ফলত গ্ৰহগত সাল সলনিক লৈ কি কৈছে জ্যোতিষীয়ে?
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে গ্ৰহৰ নতুন অৱস্থানে আৰ্থিক স্বস্তিৰ পথ খুলি দিব৷ বছৰৰ প্ৰথমৰ পৰাই আয় ধীৰে ধীৰে বাঢ়িবলৈ আৰম্ভ কৰিব পাৰে৷ ইয়াৰোপৰি দীৰ্ঘদিন ধৰি চলি থকা অপ্ৰয়োজনীয় খৰচৰ চাপ কমিব৷ পূৰ্বে কৰা বিনিয়োগে লাভ দিব৷ পৰিয়ালৰ আৰ্থিক দুশ্চিন্তাও পূৰ্বতকৈ বহু পৰিমাণে কমিব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থাৰ উন্নতি সম্ভৱ৷ ৰৈ থকা অৰ্থ উভতাই পাব৷ হঠাৎ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা প্ৰৱল৷ পাৰিবাৰিক পৰিবেশো শান্ত আৰু স্থিতিশীল থাকিব৷ শ্বেয়াৰ বজাৰ বা দীৰ্ঘম্যাদি বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ আহিব৷ সঞ্চয় বঢ়োৱাৰ বাবে এই সময় আদৰ্শ বুলি কৈছে জ্যোতিষীয়ে৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ বাবে এই সময়ে মূলত সম্পদ সঞ্চয়ৰ সুযোগ আনি দিব৷ আয় বৃদ্ধিৰ সৈতে সঞ্চয়ো বাঢ়িব৷ প্ৰয়োজনত পৰিয়ালৰ পৰাও আৰ্থিক সহায় লাভ কৰিব পাৰে৷ ভাৱিচিন্তি কৰা বিনিয়োগত ভৱিষ্যতে স্থায়ী লাভ আহিব৷ স্থিতিশীল ৰিটাৰ্ণ লাভৰ সুযোগ আছে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে আহিছে স্থিতিশীলতাৰ সময়৷ দৰমহা বৃদ্ধি বা নতুন আয়ৰ উৎস বিচাৰি পোৱাৰ সম্ভাৱনা খুবেই উজ্জ্বল৷ পৰিয়ালৰ আৰ্থিক সিদ্ধান্তত আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ উঠিব৷ পূৰ্বে কৰা পৰিকল্পনাৰ পৰা ভৱিষ্যতে সুফল পাব৷ আৰ্থিক অৱস্থান সলনিয়ে আপোনাক নিৰাপত্তা দিব৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ এই সময়ত পেছাগত উন্নতিৰ ওপৰিও আৰ্থিকভাৱেও আগুৱাই যাব পাৰে৷ পৰিয়ালৰ সহযোগিতাই আৰ্থিক চাপ কমাই দিব৷ দীৰ্ঘম্যাদি বিনিয়োগত লাভ পোৱাৰ সুযোগ বাঢ়িব৷ শ্বেয়াৰ বজাৰতো স্থায়ী লাভ আহিব পাৰে৷ গ্ৰহৰ অৱস্থান সলনিৰ প্ৰভাৱত নতুন কাম বা নতুন প্ৰকল্প আৰম্ভ কৰাৰো সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















