• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PM Cares Fundত কিমান ধন জমা হ’ল? আৰু ক’ত ক’ত খৰচ কৰা হ’ল? প্ৰকাশ পালে তথ্য

PM Cares Fundত কিমান ধন জমা হ’ল? আৰু ক’ত ক’ত খৰচ কৰা হ’ল? প্ৰকাশ পালে তথ্য

4 years ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

4 minutes ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

38 minutes ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

2 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

2 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

3 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

3 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

4 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

4 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

5 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

5 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

6 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

PM Cares Fundত কিমান ধন জমা হ’ল? আৰু ক’ত ক’ত খৰচ কৰা হ’ল? প্ৰকাশ পালে তথ্য

editor by editor
February 8, 2022
in ক'ভিড-১৯, ভাৰত, স্বাস্থ্য
0
PM Cares Fundত কিমান ধন জমা হ’ল? আৰু ক’ত ক’ত খৰচ কৰা হ’ল? প্ৰকাশ পালে তথ্য
0
SHARES
102
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দেশত কোভিড-১৯অতিমাৰী আৰম্ভ হোৱাৰ সময়তে ২০২০ চনত পিএম কেয়াৰ্ছ ফাণ্ড গঠন কৰা হৈছিল৷

এই পি এম কেয়াৰ্ছ ফাণ্ডত কিমান ধন জমা হৈছিল তাৰ তথ্য তথ্য জনা অধিকাৰৰ আওতা নপৰে বুলিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ঘোষণা কৰিছিল আৰু সমগ্ৰ বিষয়টো গৈ ন্যায়ালয়ৰ মজিয়াতো গৈ পাইছিল৷

বহু কেইগৰাকী আইনজীৱীয়ে পিএম কেয়াৰ্ছ ফাণ্ডৰ জমা হোৱা ধনৰ পৰিমাণৰ তথ্য বিচাৰি তথ্য জনা অধিকাৰ আইনৰ যোগে আবেদন কৰিছিল৷ তাৰ পিছতে বাৰে বাৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে পিএম কেয়াৰ্ছ ফাণ্ডত জমা হোৱা ধনৰ হিচাপ ৰাজহুৱা কৰা নাছিল৷

তথ্য জনাৰ আইনৰ এক্তিয়াৰ ভিতৰত পিএম কেয়াৰ্ছ ফাণ্ড নপৰে বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ঘোষণা কৰি আহিলেও এতিয়া এই ফাণ্ডৰ কিছু তথ্য ৰাজহুৱা কৰা হৈছে৷

সোমবাৰে ফাণ্ডৰ ৱেবছাইটত প’ষ্ট কৰা এক অ’ডিট ষ্টেটমেন্টত কোৱা হৈছে পিএম কেয়াৰ্ছ ফাণ্ডত প্ৰথমটো বছৰতে প্ৰায় ১১ হাজাৰ কোটি টকা জমা হৈছিল।

ষ্টেটমেন্টটোৰ মতে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ২০২১ চনৰ মাৰ্চ মাহলৈকে পিএম কেয়াৰ্ছ ফাণ্ডত মুঠ ১০ হাজাৰ ৯৯০ কোটি টকা জমা হৈছিল।

তথ্য অনুসৰি মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিপৰীতে এই ফাণ্ডৰ পৰা ৩,৯৬৭ কোটি টকা অৰ্থাৎ মুঠ পুঁজিৰ ৩৬.১৭ শতাংশ বিভিন্ন সাহায্য তথা প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰা হৈছে।

উক্ত ষ্টেটমেন্টৰ মতে প্ৰথমটো বছৰত জমা হোৱা প্ৰায় ৭ হাজাৰ কোটি টকা ব্যৱহাৰ নোহোৱাকৈ জমা হৈ আছে৷ অথচ মহামাৰীৰ ফলত বলৱৎ কৰা ল’কডাউনৰ বাবেই সেই সময়ত কোটি কোটি ভাৰতীয়ৰ জীৱন দুবিৰ্ষহ হৈ পৰিছিল৷

ইফালে এই তথ্যই উন্মোচন কৰিছে বিজেপি চৰকাৰ তথা বিজেপি দলৰ অন্য এক ভয়ংকৰ মিথাচ্যাৰ৷ উল্লেখ্য যে চৰকাৰৰ বহু কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতাই প্ৰকাশ কৰি আহিছিল যে চৰকাৰে ভেকচিন সংগ্ৰহ কৰাৰ বাবেই দেশত মূল্যবৃদ্ধি হৈছে ৷

কিন্তু প্ৰকাশিত তথ্যৰ মতে পিএম কেয়াৰ্ছ ফাণ্ডৰ ৩৫ শতাংশ অৰ্থাৎ ১৩৯২ কোটই টকা ভেকচিন সংগ্ৰহৰ বাবে খৰচ কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে এই টকাৰে কোভিড ভেকচিনৰ ৬৬ মিলিয়ন ড’জ ক্ৰয় কৰা বুলি প্ৰকাশ কৰা হৈছে।

এই ফাণ্ডত জমা হোৱা ধন আৰু ক’ত ক’ত ব্যৱহাৰ কৰা হৈছে? ষ্টেটমেন্টত প্ৰকাশ পোৱা অনুসৰি ‘মেড ইন ইণ্ডিয়া’ ভেন্টিলেটৰ নামত ফাণ্ডত জমা হোৱা ৩৩ শতাংশ অৰ্থাৎ ১৩১১ কোটি, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ১০০০ কোটি, প্ৰেচাৰ ছুইং এবছৰ্পশ্যন মেডিকেল অক্সিজেন জেনেৰেশ্যন প্লেন্ট ইনষ্টলৰ বাবে ২০১ কোটি টকা খৰচ কৰা হৈছে৷

আনহাতে,  ৯ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত ১৬টা আৰটি-পিচিআৰ টেষ্টিং লেব স্থাপনৰ লগতে মুজাফৰপুৰ আৰু পাটনাত দখন ৫০০ বিছনাযুক্ত অস্থয়ী কোভিড হাস্পাতাল স্থাপনত ৫০কোটি টকা, বায়’টেকন’লজি বিভাগৰ অধীনত দুখন স্বায়ত্তশাসিত ইনষ্টিটিউট লেবেৰটৰীক ২০ কোটি টকাকৈ প্ৰদান কৰা হৈছে।

উল্লেখ্য যে কোভিড-১৯ অতিমাৰীৰ দৰে জৰুৰী পৰিস্থিতিত অনুদান সংগ্ৰহৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ফাণ্ড আৰম্ভ কৰিছিল। অতিমাৰীৰ মাজতো দেশৰ উদ্যোগপতিৰ পৰা সাধাৰণ লোকলৈকে কোটি কোটি মানুহে পিএম কেয়াৰ্ছ ফাণ্ডলৈ সাহায্য প্ৰদান কৰিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই অধ্যক্ষ হিচাপে থকা এই ফাণ্ডৰ সমস্ত ধন সম্পূৰ্ণৰূপে আয়কৰমুক্ত।

ইফালে ২০২১-২২ বৰ্ষত উক্ত ফাণ্ডত জমা হোৱা ধনৰ পৰিমাণ এতিয়াও ৰাজহুৱা কৰা হোৱা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalcovid19PM Cares Fund
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?
জীৱনশৈলী

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

April 10, 2026
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
Next Post
শ্বেয়াৰ মাৰ্কেটৰ শংকা

শ্বেয়াৰ মাৰ্কেটৰ শংকা

আজিয়ে ৰাতিয়ে অস্কাৰলৈ মনোনীত হ’ব জনপ্ৰিয় তামিল ছবি ‘জয় ভীম’!

আজিয়ে ৰাতিয়ে অস্কাৰলৈ মনোনীত হ’ব জনপ্ৰিয় তামিল ছবি ‘জয় ভীম’!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.