অতি শীঘ্ৰেই বলিউদত আত্মপ্ৰকাশ ঘটিব বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ তনয়া চুহানা খানৰ৷
পৰিচালক জয়া আখতাৰৰ ছবিৰে বলিউদত আত্মপ্ৰকাশ কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে চুহানা খানে৷
জাভেদ আখতাৰৰ কন্যা জয়া আখতাৰে ‘আৰ্চী কমিকছ’ নামৰ ছবিখনত শ্বাহৰুখ খানৰ কন্যা চুহানা খানক অভিনয়ৰ বাবে চুক্তিৱদ্ধ কৰা বুলি প্ৰকাশ পাইছে৷
কেৱল চুহানা খানেই নহয়, জয়া আখতাৰৰ ছবিখনৰ যোগেদি আৰু কে’বাগৰাকী নতুন মুখৰো আত্মপ্ৰকাশ ঘটিব বলিউদত৷
নেটফ্লিক্সৰ এই মিউজিকেল ছবিখনত চুহানাৰ লগতে জাহ্ণৱী কাপুৰৰ কণিষ্ঠ ভগ্নী খুশী কাপুৰ আৰু মেগাষ্টাৰ অমিতাভ বচ্চনৰ নাতিনী অগস্ত্য নন্দাও আত্মপ্ৰকাশ কৰিব বুলি প্ৰকাশ পাইছে৷
উল্লেখ্য যে শ্বাহৰুখ খানৰ তনয়া চুহানা খান সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয়৷ ইনষ্টাগ্ৰামতো অতি সক্ৰিয় চুহানা খান৷ ২০১৮ চনতে এখন মেগাজিনৰ কাভাৰ গাৰ্লৰূপে চুহানা খানৰ ফেশ্বন জগতত আত্মপ্ৰকাশ ঘটিছিল৷
তেতিয়াৰে পৰা চুহানা খানৰ বলিউদৰ আত্মপ্ৰকাশ কৰাকলৈ বিশেষভাৱে চৰ্চা লাভ কৰি আহিছে৷ জয়া আখতাৰৰ এই ছবিখনে চুহানা খানৰ বলিউদত আত্মপ্ৰকাশৰ প্ৰতীক্ষাক অৱসান ঘটাব৷
উল্লেখ্য যে নেটফ্লিক্সৰ ‘আৰ্চী কমিকছ’ নামৰ জয়া আখতাৰৰ এই ছবিখন অহা নৱেম্বৰৰ পৰা নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ