নামৰূপবাসীৰ বাবে এক সুখবৰ।এতিয়াৰ পৰা আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰ বাবে শাৰী পাতিব নালাগে নামৰূপৰ জনতাই। চলিত মাহৰ পৰাই নামৰূপবাসীয়ে লাভ কৰিব পাইপ গেছৰ সংযোগ। সোমবাৰে নামৰূপ সাৰ কাৰখানা কৰ্তৃপক্ষ আৰু অসম গেছ কোম্পানীয়ে নামৰূপ পাইপ গেছ সংযোগৰ এক চুক্তিত স্বাক্ষৰ কৰে।
নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ উপস্থিতিত নামৰূপ সাৰকাৰখানাৰ হৈ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ শিৱ প্ৰসাদ মাহান্তি আৰু অসম গেছ কোম্পানীৰ হৈ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গায়াৰীয়ে এই চুক্তিখনত স্বাক্ষৰ কৰে। চুক্তি অনুসৰি নামৰূপ সাৰ কাৰখানা আৱাসিক এলেকাৰ লগতে নামৰূপ পৌৰসভা এলেকাৰ প্ৰায় ১৮ হেজাৰ লোকে সংযোগ লাভ কৰিব পাইপ গেছৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ