অসম লাইভ২৪ঃ যাত্ৰা আৰম্ভ হৈছিল ২০১৪ চনৰ ৩ এপ্ৰিলত৷ তাৰ পাছতেই এবছৰ দুবছৰকৈ পাৰ হৈ গ’ল প্ৰায় ৯ বছৰ৷ প্ৰতি মাহৰ শেষৰটো দেওবাৰে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উদ্দেশ্যি সম্বোধন কৰে ‘মন কী বাত’ৰ৷ আজি অৰ্থাৎ ৩০ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰিছে ১০০ সংখ্যক ‘মন কী বাত’ৰ৷ এই মুহূৰ্তটোক ঐতিহাসিক বুলিও প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ আজিৰ ‘মন কী বাত’ত মোদীয়ে সেইসকল লোকক সম্বোধন কৰিলে যিসকলে সমাজক বিশেষভাৱে সেৱা আগবঢ়াই আহিছে৷ শততম উপলক্ষে এইবাৰ বিশেষ চমকো দিছে প্ৰধানমন্ত্ৰীয়ে৷ এইবাৰেই প্ৰথম লোকেলৰ পৰা গ্লোবেল হৈছে প্রধানমন্ত্ৰীৰ মাহিলী ৰেডিঅ’ সম্প্ৰচাৰ৷ বিগত ৯ বছৰে মোদীৰ মন কি বাত সম্প্ৰচাৰিত হৈছিল ২২ টা ভাৰতীয় ভাষাত৷ আকাশবাণীৰ ৫০০ টাৰো অধিক কেন্দ্ৰত এই মন কী বাত সম্প্ৰচাৰিত হৈছিল৷ তাৎপৰ্যপূৰ্ণ কৰা এয়ে যে দেওবাৰে মোদীৰ ‘মন কী বাত’ শুনিলে দেশৰ বাহিৰৰো বহু লোকে৷ সূত্ৰৰ খবৰ অনুসৰি এইবাৰ মোদীৰ এই বিশেষ সম্প্ৰচাৰ শুনিছে ফান্স, চীন, ইন্দোনেছিয়া, তিব্বেত, বাৰ্মিজ, বেলুচিস্তান, আৰৱ, পাৰ্চীকে ধৰি মুঠ ১১ খন দেশৰ লোকে৷
ৰাষ্ট্ৰসংঘতো মোদীৰ মন কী বাতৰ সম্প্ৰচাৰ শুনা গৈছে৷ ইয়াৰোপৰি ৰাজ্যৰ প্ৰতিটো ৰাজভৱনৰ ৰাজ্যপালেও দুৰদৰ্শনৰ মাধ্যমেৰে শুনিছে মোদীৰ ‘মন কী বাত’৷ এইবাৰো বিজেপিৰ কৰ্মকৰ্তাসকলে দেশজুৰি ‘মন কী বাত’ শুনোৱাৰ ব্যৱস্থা কৰিছে৷ টি ভি, ৰেডিঅ’ত কাণ পাতিছে কেন্দ্ৰীয় মন্ত্ৰীসকলেও৷ পৃথিৱীজুৰি সম্প্ৰচাৰ হোৱা এই ‘মন কী বাত’ লৈ উঠিছে গ্লোবেল৷
উল্লেখ্য যে এইবাৰৰ ‘মন কী বাত’ৰ শততম পৰ্বত মোদীয়ে ‘স্বচ্ছ ভাৰত’, ‘আজাদি কা অমৃত মহোৎসৱ’ এই সমূহ প্ৰসংগ আলোচনা কৰা হৈছিল৷ ইয়াৰোপৰি এই অনুষ্ঠানত মোদীয়ে কয় ‘মন কী বাত এতিয়া দেশৰ কোটি কোটি মানুহৰ মনৰ কথা হৈ পৰিছে৷’ দেশৰ মুঠ জনসংখ্যাৰ ভিতৰত ৯৬ শতাংশ লোকেই এই অনুষ্ঠানৰ সম্যক জ্ঞান ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ