চৰকাৰ জনগণৰ নিৰাপত্তা আৰু আৰ্থিক চাপমুক্ত ভৱিষ্যৎ নিশ্চিত কৰাৰ বাবে কেইবাটাও স্কিম আছে৷ আজিও চৰকাৰী স্কিমসমূহৰ মাজত মানুহে পোষ্ট অফিচৰ স্কিমৰ ওপৰতেই সকলোতকৈ বেছি নিৰ্ভৰ কৰে৷ পোষ্ট অফিচৰ তেনে এক পুৰণি স্কিম হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড৷ এই স্কিম বিশেষভাৱে তেওঁলোকৰ বাবে তৈয়াৰ কৰা হৈছে যিয়ে দীৰ্ঘম্যাদি নিৰাপদ বিনিয়োগৰ মাধ্যমেৰে ভাল ফাণ্ড তৈয়াৰ কৰিব খোজে৷ PPF স্কিম সম্পূৰ্ণৰূপে চৰকাৰ নিৰ্ভৰ, সেয়ে ইয়াত ধন হেৰুৱাৰ ভয় নাই৷
বৰ্তমান PPFত বাৰ্ষিক সুদৰ হাৰ প্ৰায় ৭.১ শতাংশ প্ৰদান কৰে যি কম্পাউণ্ড হৈ যোগ হয়৷ এই স্কিমৰ সকলোতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াত ডাঙৰ বিনিয়োগৰ প্ৰয়োজন নহয়৷ কোনোৱে যদি বাৰ্ষিক মাত্ৰ ৫০০ টকা দি PPF ত বিনিয়োগ কৰিব পাৰে৷ ই এক ফাইনেন্সিয়েল প্ৰকল্প যি বাৰ্ষিক সৰ্বোচ্চ ১.৫০ লাখ টকা পৰ্যন্ত বিনিয়োগৰ সুযোগ দিয়ে৷ ইয়াৰ সৈতে আয়কৰ আইনৰ ধাৰা ৮০ চিৰ অধীনত কৰ ৰেহাই দিয়ে৷
১৫ বছৰতেই ডাঙৰ ফাণ্ড তৈয়াৰ হ’ব
PPFৰ ম্যাদ ১৫ বছৰ৷
একক বা কিস্তিত বিনিয়োগ কৰিব পাৰে৷
প্ৰতি বছৰে সৰ্বোচ্চ ১২টা কিস্তিত বিনিয়োগ কৰিব পাৰে৷
আপোনাৰ প্ৰতিমাহে ৭০০০ টকা জমা কৰাৰ বিকল্প থাকিব৷
বাৰ্ষিক বিনিয়োগৰ পৰিমান ৮৪,০০০ টকা৷
১৫ বছৰত ফাণ্ড হব প্ৰায় ২২.৭৮ লাখ টকা৷
ইয়াৰ মাজত সুদৰ পৰিমাণ ১০.১৮ লাখ টকা অন্তৰ্ভুক্ত৷
সম্পূৰ্ণ পৰিমাণৰ অৰ্থ চৰকাৰী গেৰেণ্টিৰ দ্বাৰা সুৰক্ষিত৷
ই শিক্ষা আৰু অৱসৰ গ্ৰহণৰ দৰে লক্ষ্যসমূহৰ বাবে সহায়ক৷
ঋণ আৰু আংশিক উত্তোলন সুবিধা
PPF কেৱল এক সঞ্চয় একাউণ্ট নহয়, বৰং মাল্টি-বেনিফিট একাউণ্ট৷
এই একাউণ্টৰ বিপৰীতে ঋণৰ অপশ্ব্যনো পোৱা যায়৷
বিনিয়োগকাৰীয়ে কেইবছৰৰ পাছত ঋণৰ বাবে আবেদনো কৰিব পাৰে৷
এই স্কিমত প্ৰতি বছৰে কমপক্ষেও ৫০০ টকা জমা কৰা বাধ্যতামূলক৷
নূন্যতম পৰিমাণ জমা নিদিলে একাউণ্টটো নিষ্ক্ৰিয় হৈ যাব পাৰে৷
জৰিমনা পৰিশোধ কৰি এটা নিষ্ক্ৰিয় একাউণ্ট পুনৰায় সক্ৰিয় কৰিব পাৰি৷
নিয়মিত বিনিয়োগত সকলো সুবিধা নিশ্চিত৷
সৰু সতৰ্কতাই দীৰ্ঘম্যাদি উল্লেখযোগ্য সুবিধা প্ৰদান কৰে৷
কেতিয়া উঠাই ল’ব পাৰিব?
প্ৰথম পাঁচ বছৰ আপুনি PPFৰ ধন উঠাই ল’ব নোৱাৰে৷
৫ বছৰৰ পাছত বিশেষ প্ৰয়োজন থাকিলে আপুনি এই ধন উঠাই লব পাৰে৷
অসুস্থতা বা শিশুসকলৰ শিক্ষাৰ বাবে সীমিত ৰেহাইয়ো পোৱা যায়?
এই কাৰণতেই PPF হৈছে দীৰ্ঘম্যাদি সঞ্চয়ৰ ভাল বিকল্প৷
কিয় PPF বাচি ল’ব?
PPF ৰ বিনিয়োগকাৰীয়ে ধন নিৰাপদে থকাৰ গেৰেণ্টি পোৱাৰ ওপৰিও স্থিৰ সুদ পায়৷
চৰকাৰে বিনিয়োগৰ সম্পূৰ্ণ নিশ্চয়তা দিয়ে৷
কৰ ৰেহাইৰ ফলত ৰিটাৰ্ণ বৃদ্ধি পায়৷
বিনিয়োগকাৰীসকলৰ অৰ্থ সম্পূৰ্ণ নিৰাপদে থাকে৷
ধীৰে ধীৰে এটা বৃহৎ আৰু শক্তিশালী ফাণ্ড তৈয়াৰ হয়৷
( এই বাতৰি কেৱল তথ্যৰ উদ্দেশ্যে প্ৰকাশ কৰা হৈছে৷ সিদ্ধান্ত লোৱাৰ পূৰ্বে বিনিয়োগ বিশেষজ্ঞৰ পৰামৰ্শ লওক৷)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















