শ্বেয়াৰ বজাৰৰ অস্থিৰতা এই স্কিমত নাই৷ ভাল ৰিটাৰ্ণৰ বাবে আপুনি কোনোধৰণৰ ৰিস্ক ল’ব নালাগে৷ ইয়াত বিনিয়োগ কতৰিলে পাব নিশ্চিত ৰিটাৰ্ণ৷ জানক কোন স্কিমত বিনিয়োগ কৰিলে পাব এই সুবিধা?
কোটিপতি কৰি দিব এই স্কিমে?
কেৱল বেংকেই নহয় কিছু পোষ্ট অফিচ স্কিম ইমানেই উপকাৰী যে ইয়াত বিনিয়োগ কৰিলে আপুনি কোটিপতি হ’ব পাৰে৷ আজি আমি আপোনাক এনে এক স্কিম সম্পৰ্কে জনাব খুজিছো যিয়ে আপোনাক মাত্ৰ পাঁচ বছৰত কোটিপতি কৰি তুলিব পাৰে৷ এই পোষ্ট অফিচ স্কিমসমূহত চৰকাৰী গেৰেণ্টি থাকে আৰু ক্ষতিৰো কোনো আশংকা নাথাকে৷ জানি থওক পোষ্ট অফিচৰ এই স্কিম কি?
কি কি সুবিধা পাব এই স্কিমত?
আপুনি যদি পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট স্কিমত প্ৰতিমাহে ২৫,০০০ টকা বিনিয়োগ কৰে তেন্তে ৫ বছৰৰ পাছত আপোনাৰ ধন ১৭ লাখৰ বেছি হ’ব৷ এই স্কিমত বাৰ্ষিক চক্ৰবৃদ্ধি সুদৰ হাৰ ৬.৫ শতাংশ৷ ইয়াৰ অৰ্থ হৈছে আপুনি আপোনাৰ মুঠ জমাৰ ওপৰত ২.৭৪ লাখ টকা সুদ পাব৷ ৫ বছৰৰ পাছত আপোনাৰ জমা হ’ব ১৭,৭৪,৭৭১ টকা৷
কোনে এই স্কিমত একাউণ্ট খুলিব পাৰে?
যিকোনো ভাৰতীয় পোষ্ট অফিচত এটা RD খুলিব পাৰে৷ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে, দুই বা তিনিজন ব্যক্তি একেলগে এটা খুলিব পাৰে৷ এটা পোষ্ট অফিচত RD-ত নূন্যতম বিনিয়োগ ১০০ আৰু সৰ্বোচ্চ যিকোনো পৰিমাণৰ বিনিযোগ কৰিব পাৰে৷ প্ৰয়োজনত আপুনি এটা পোষ্ট অফিচ RD বন্ধ কৰিবও পাৰে৷ অৱশ্যে কিছু নিয়ম আছে৷ RD বন্ধ কৰা এই নিয়মসমূহ অনুসৰণ কৰিহে আপুনি RD এটা বন্ধ কৰিব পাৰে৷
RD সম্পূৰ্ণ হোৱাৰ পূৰ্বেই যদি একাউণ্টধাৰীৰ মৃত্যু হয় তেতিয়া আইনী উত্তৰাধিকাৰীয়ে RDৰ অৰ্থ গ্ৰহণ কৰে৷ উত্তৰাধিকাৰীয়ে পোষ্ট অফিচত কিছু নথি জমা দিব লাগে৷ যাৰ পৰা অৰ্থ প্ৰাপ্ত হয়৷ আৰু যদি উত্তৰাধিকাৰীয়ে RD চলাই ৰাখিব খোজে তেন্তে তেওঁলোকে সেই কামো কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















