অসম লাইভ২৪ঃ বলীউডত সফল কেৰিয়াৰ গঢ়াৰ উদ্দেশ্যেৰে বহু তাৰকাই একাধিক স্বাৰ্থ ত্যাগ কৰিবলগা হয়। প্ৰতিযোগিতাত টিকি থাকিবলৈকো মানসিকভাৱে যথেষ্ট শক্তিশালী হ’বই লাগে। প্ৰিয়ংকা চোপ্ৰাৰ ক্ষেত্ৰতো একে ঘটনাই ঘটিছিল। কেৰিয়াৰৰ আৰম্ভণিতে প্ৰিয়ংকা চোপ্ৰাইয়ো অজস্ত্ৰ ত্যাগৰ ফলতহে বলীউডত কাম পাবলৈ সক্ষম হৈছিল। সম্প্ৰতি এক সাক্ষাৎকাৰত এই প্ৰসংগত প্ৰিয়ংকাই কেইবাটাও কথা উল্লেখ কৰিছে। প্ৰিয়ংকাই জনোৱা অনুসৰি এটা সময়ত তেওঁ পেছাগত জীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত সমতা বজাই ৰখাত ব্যৰ্থ হৈছিল। মাতৃক জন্মদিনৰ শুভেচ্ছা জনাবলৈকো পাহৰি গৈছিল। পৰিয়ালৰ সৈতে কোনো উৎসৱতে সময় কটাব পৰা নাছিল। অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়, ‘যেতিয়া মোৰ বয়স ২০ হৈছিল, তেতিয়াই মই কথা পাহৰা হৈছিলো। মাক ওপজা দিনৰ শুভেচ্ছা জনাবলৈ পাহৰি গৈছিলো। এয়াই শেষ নহয়। ইয়াৰোপৰি বহুবাহ ইউৰোপলৈ শ্বুটিঙৰ বাবে গৈ দীপাৱলী কেতিয়া পাহৰি তাতেই থাকি গৈছিলো। কিন্তু এনেকৈ চলি মই ঘৰৰ মানুহৰ মনত কষ্ট দিছিলো। সেই কথা অনুধাৱন কৰিব পাৰো। এইয়া মোৰ ভুল হৈছে বুলি বুজি উঠাৰ লগে লগেই মই নিজকে সলনি কৰিব ধৰিলো।’
প্ৰকৃততে প্ৰিয়ংকাৰ এই উপলব্ধিৰ নেপথ্যত আছিল তেওঁৰ পিতৃ অশোক চোপ্ৰাৰ শাৰীৰিক অসুস্থতা। অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়, ‘দেউতাৰ প্ৰয়াণৰ পাছত মই বুজি পাও যে ঘৰৰ মানুহক সময় দিয়াটো খুবেই জৰুৰী। ঘৰৰ মানুহক সময় দিবলৈ উৎসৱৰেই প্ৰয়োজন আছে তেনে নহয়। দেউতা গুৰুতৰভাৱে অসুস্থ হৈ থাকোতে মই বুজি উঠিছিলো জীৱন আচলতে খুব ছুটি। অথচ গুৰুত্বপূৰ্ণ বিষয় এৰি আমি অবান্তৰ কথাবোৰ লৈ ব্যস্ত থাকো।’ প্ৰিয়ংকাৰ মতে, কোনো ব্যক্তিয়ে যদি উপলব্ধি কৰে যে তেওঁ মাটিত ভৰি থৈয়েই আগবাঢ়ি যাব তেতিয়াই জীৱনত প্ৰকৃত সুখ আহিব। পিতৃৰ মৃত্যুৰ পাছত তেওঁ মানসিকভাৱে বিপৰ্যস্ত হৈ পৰাৰ কথাও প্ৰকাশ কৰিছে। একাংশ বলীউড সূত্ৰই জনোৱামতে তেওঁ ‘ডেডিজ লিটল গাৰ্ল’ টাটু পিতৃৰ মৃত্যুৰ পাছতেই কৰিছিল। সম্প্ৰতি মামি চলচ্চিত্ৰ উৎসৱত অংশ লৈ ভাৰতলৈ আহিছে প্ৰিয়ংকা। এই মুহূৰ্তত হলীউডৰ একাধিক ছবিত কামত তেওঁ ব্যস্ত হৈ আছে। আনহাতে বলীউডতো ফাৰহান আখতাৰৰ পৰিচালিত ‘জি লে জাৰা’ ছবিতো অভিনয় কৰিছে অভিনেত্ৰী প্ৰিয়ংকাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ