শনিবাৰে সংবাদ সংস্থা এএনআই-এ প্ৰকাশ কৰা অনুসৰি পঞ্জাৱ চৰকাৰে আৰু ৪২৪ জন ভিআইপিৰ নিৰাপত্তাৰক্ষী তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰাৰ লগতে সংশ্লিষ্ট আৰক্ষী জোৱানসকলক জালন্ধৰ কেণ্টত থকা বিশেষ ডিজিপিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।
যিসকল ভিআইপি লোকৰ নিৰাপত্তা কৰ্তন কৰা হৈছে তেওঁলোকৰ ভিতৰত আছে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, ধৰ্মীয় আৰু ৰাজনৈতিক নেতা। পঞ্জাৱৰ প্ৰাক্তন ডিজিপি পিচি ডোগ্ৰা আৰু মজিথাৰ বিধায়ক গণেইভ কৌৰৰো নিৰাপত্তা কৰ্তন কৰা হৈছে৷
চলিত মাহৰ আৰম্ভণিতে পঞ্জাৱৰ আপ চৰকাৰে আকালি দলৰ সাংসদ হৰছিমৰৎ কৌৰ বাদল আৰু পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী সুনীল জাখৰকে ধৰি আঠজন ভিআইপিৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল।
লগতে পঢ়ক আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ দুৱাৰ মুখ মোদী-শ্বাহৰ ৰাজ্য গুজৰাট!
এই আঠজন লোকৰ ভিতৰত পাঁচজনৰ জেড কেটেগৰী ছিকিউৰিটি থকাৰ বিপৰীতে বাকী তিনিজনে ৱাই+ কেটেগৰীৰৰ নিৰাপত্তা লাভ কৰি আহিছিল। ১২৭ গৰাকী আৰক্ষী জোৱানৰ লগতে ৯ খন বাহনে তেওঁলোকক সুৰক্ষা প্ৰদান কৰি আহিছিল।
পূৰ্বৰ পদক্ষেপত পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী অ’ পি ছোনী, লোকসভাৰ সাংসদ হৰছিমৰৎ কৌৰ বাদল, কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা বৰ্তমান বিজেপি নেতা সুনীল জাখৰ আৰু প্ৰাক্তন কেবিনেট মন্ত্ৰী বিজয় ইন্দৰ চিংলাও আছে। এই তালিকাত চাৰিজন প্ৰাক্তন বিধায়ক ক্ৰমে পৰমিন্দৰ সিং পিংকি, ৰাজিন্দৰ কৌৰ ভট্টাল, নৱতেজ সিং চীমা, আৰু কেৱাল সিং ধিলিয়নো আছে।
লগতে পঢ়ক আৰিয়ানৰ বিৰুদ্ধে ভুৱা গোচৰ! : সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
উল্লেখ্য যে ক্ষমতালৈ আহিয়ে পঞ্জাৱৰ আপ চৰকাৰে ৰাজ্যখনৰ ভিআইপিৰ নিৰাপত্তাৰক্ষীৰ প্ৰত্যাহাৰ কৰাৰ এইটো হৈছে তৃতীয় সিদ্ধান্ত৷ প্ৰথম দুটা নিৰ্দেশত ৰাজ্যখনে প্ৰাক্তন বিধায়ক, সাংসদ, মন্ত্ৰীকে ধৰি ১৮৪ জন লোকৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ