পুষ্পা ২ৰ প্ৰচাৰৰ বাবে গৈছিল পাছে! মুক্তিৰ পূৰ্বে আল্লু অৰ্জুনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, গোচৰ ৰুজু
দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বহু চৰ্চিত পুষ্পা ২: দ্য ৰুল’ মুক্তি পাবলৈ মাথো কেইটামান দিন বাকী। যাৰ বাবে এতিয়া ছবিখনৰ মুখ্যঅভিনেতা আৰু অভিনেত্ৰী আল্লু অৰ্জুন- ৰশ্মিকা মণ্ডান্নাই ছবিৰ প্ৰচাৰত ব্যস্ত।
পাছে সেই প্ৰচাৰৰ সময়তে হয় এনে এক কাম যাৰ ফলত এতিয়া বিপদত অভিনেতা আল্লু অৰ্জুন। ছবিখনৰ মুখ্য অভিনেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে। শেহতীয়া ভাষণৰ সময়ত ব্যৱহৃত শব্দৰ অপব্যৱহাৰৰ বাবে আল্লুৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে।
শেহতীয়াকৈ আল্লু অৰ্জুনৰ বিৰুদ্ধে এটা অনুষ্ঠানত ভাষণ দিয়াৰ সময়ত ‘সেনা’ শব্দৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। আল্লু অৰ্জুনৰ বিৰুদ্ধে হায়দৰাবাদৰ জৱাহৰ নগৰ থানাত শ্ৰীনিবাস গৌৰ নামৰ এজন ব্যক্তিয়ে এজাহাৰ দাখিল কৰিছে। তেওঁ সেউজ শান্তি পৰিৱেশ আৰু পানী সংগ্ৰহ ফাউণ্ডেশ্যনৰ সভাপতি।
অভিযোগত কোৱা হৈছে যে কোনো ফেন ক্লাবক সেনাৰ উপাধি দিয়াটো সঠিক নহয়। শ্ৰীনিবাস গৌৰে এই শব্দটোৰ ব্যৱহাৰ অপমানজনক বুলি অনুভৱ কৰিছিল। তেওঁ কয় যে এই শব্দটো দেশৰ সেৱা আগবঢ়োৱা সশস্ত্ৰ বাহিনীৰ সৈতে গভীৰভাৱে জড়িত।
উল্লেখ্য যে এই বিতৰ্ক আৰম্ভ হৈছিল মুম্বাইত অনুষ্ঠিত ‘পুষ্পা ২’ প্ৰেছ মিটত। য’ত আল্লু অৰ্জুনে অনুৰাগীসকলৰ সৈতে মত বিনিময় কৰিছিল। সেই অনুষ্ঠানতে আল্লুই উল্লেখ কৰে যে তেওঁ নিজৰ অনুৰাগী সকলক অনুৰাগী হিচাপে নহয়, নিজৰ সেনাবাহিনী বুলি গণ্য কৰে।
অনুৰাগীৰ প্ৰতি সেনা শব্দৰ ব্যৱহাৰতে ক্ষুব্ধ হৈ অভিনেতাগৰাকীৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰে লোকগৰাকীয়ে।
প্ৰাণিধানযোগ্য যে, ‘পুষ্পা ২’ অহা ৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ