ৰাছিয়াৰ ৰাজনীতি আৰু নিৰাপত্তা বিশেষজ্ঞ ডাঃ জেনী মেথাৰ্ছে টাইমছ ৰেডিঅ’ত সম্প্ৰচাৰক হেনৰী বনছুৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাদাৰ হিৰোইন নামেৰে ৰাছিয়াৰ এক নতুন পুৰস্কাৰ আঁচনিৰ বিষয়ে প্ৰকাশ কৰিছে৷
এই আঁচনিৰ দ্বাৰা মহামাৰী আৰু ইউক্ৰেইন যুদ্ধত ফলত হ্ৰাস পোৱা জনসংখ্যাক পূৰণ কৰা হ’ব। ডাঃ মেথাৰ্ছৰ মতে, যিসকল লোকৰ বৃহৎ পৰিয়াল আছে তেওঁলোকৰ ‘অধিক দেশপ্ৰেমিক’ আৰু তেওঁলোকে ‘মাতৃ ৰাছিয়া’ৰ সৈতে অধিক সংযোগ অনুভৱ কৰিব পাৰে বুলি ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বিশ্বাস কৰে।
উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পিছত ৰাছিয়াত দৈনিক কৰ’না ভাইৰাছত আক্ৰান্তৰ হৈ আৰু ইউক্ৰেইন যুদ্ধত মৃত্যু হোৱা সৈন্যৰ লগাই ৰাছিয়াৰ মুঠ জনসংখ্যাৰ পৰা অতি ক’মেও ৫০ হাজাৰ সংখ্যা হ্ৰাস ঘটিছে।
ইফালে মিষ্টাৰ বনছুৱে কয় যে দহ বা তাতকৈ অধিক সন্তান থকা মহিলাৰ বাবে ছোভিয়েট যুগৰ বঁটা(A soviet era award) প্ৰদান কৰা হ’ব, যাক মাদাৰ হিৰোইন বুলি কোৱা হৈছে। তেওঁৰ মতে ইউক্ৰেইনৰ যুদ্ধৰ ফলত গভীৰ হৈ পৰা ৰাছিয়াৰ জনগাঁথনিগত সংকট পুনৰুদ্ধাৰৰ প্ৰয়াস কৰা হৈছে।
পুটিনৰ এই মাদাৰ হিৰোইন অনুসৰি ১০ সন্তানৰ মাতৃ হোৱা মহিলাসকলে ১ মিলিয়ন ৰুবুল অৰ্থাৎ ১৩,৫০০ ইউৰোকৈ আৰ্থিক পুৰস্কাৰ লাভ কৰিব, যিটো ভাৰতীয় মূল্যত প্ৰায় ১০.৯ লাখ টকা৷ অৱশ্যে এই ক্ষেত্ৰত মাতৃগৰাকীৰ পূৰ্ব নটা সন্তান জীৱিত থাকিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ