ক’ৰ্টত পি ভি সিন্ধু মানেই ক্ষিপ্ৰগতী৷ প্ৰতিপক্ষই কঁপি থাকে৷ শেহতীয়াকৈ পি ভি সিন্ধুৱে বিবাহপাশত আৱদ্ধ হৈছে৷ ভেংকট ছাইৰ সৈতে নতুন জীৱনৰ পাতনি মেলিছে পি ভি সিন্ধুৱে৷ কেনেকৈ মিলি গ’ল দুখন হৃদয়? কেনেকৈ আৰম্ভ হৈছিল এই প্ৰেম?
এক সংবাদমাধ্যমক সিন্ধুৱে জনাইছে যে, ভেংকট ছাইৰ ভালপোৱা আৰম্ভ হৈছিল বিমানত৷ আকাশীপথতে আৰম্ভ হৈছে দুয়োৰে প্ৰেম৷ ২০২২ চনৰ অক্টোবৰত বিমানযাত্ৰাৰ সময়ত ভেংকট ছাইৰ সৈতে দেখা হৈছিল হায়দৰাবাদী কন্যাৰ৷ সেই অভিজ্ঞতা সন্দৰ্ভত সিন্ধুৱে কয়, ‘সেই বিমান যাত্ৰাতেই আমি কাষ চাপি গৈছিলো৷ ধাৰণা হৈছিল আমাৰ মিলনৰেই এয়া ইংগিত৷ তৰাই আমাক পোহৰ দি বাট দেখুৱাইছে৷ ধাৰণা হৈছিল যেন প্ৰথম দেখাতেই প্ৰেমত পৰিছো আমি৷ তাৰপাছতেই আগবাঢ়িছিল আমাৰ এই যাত্ৰা৷’
দেওবাৰ অৰ্থাৎ ২২ ডিচেম্বৰত উদয়পুৰত ভেংকট দত্ত ছাইক বিয়া কৰালে পি ভি সিন্ধুৱে৷ তেওঁৰ বিয়াৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ উদয়পুৰত দুই পৰিয়ালৰ সদস্যৰ উপস্থিতিত নতুন জীৱন আৰম্ভ কৰিলে সিন্ধু আৰু ভেংকট ছাইয়ে৷ বিয়াৰ ছবিতেই বুজা গৈছে যে এই অনুষ্ঠানত অত্যাধিক কোনো জাকজমকতা নাছিল৷ কেৱল নিকটাত্মীয়ৰ উপস্থিতিত বিয়া কৰাইছে সিন্ধু আৰু ভেংকটে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ