ডিজিটেল ডেস্কঃ ৯০দশকৰ বলিউদৰ মোহময়ী অভিনেত্ৰীসকলৰ ভিতৰত ৰবীনা টেণ্ডন অন্যতম। ৯০দশকত বহু চুপাৰ হিট চিনেমা দৰ্শকক উপহাৰ দিয়া ৰবীনা টেণ্ডনৰ সৌন্দৰ্য আজিও ম্লান পৰা নাই। ৪৮বছৰীয়া অভিনেত্ৰীগৰাকীয়ে আজিও ঘৰ-সংসাৰৰ সমান্তৰালভাৱে চলাই গৈছে কেৰিয়াৰ। শেহতীয়াকৈ বহুকেইখন হিন্দী ছবিত দেখা গৈছে অভিনেত্ৰীগৰাকীক।
মাজতে কিছু সময় ঘৰ আৰু সংসাৰত সময় দিয়াৰ বাবে কামৰ পৰা বিৰতি লোৱা ৰবীনাৰ আছে এগৰাকী কন্যা সন্তান। মাতৃৰ দৰেই কন্যা ৰাশা টেণ্ডনো অচিৰেই ছবিজগতত প্ৰৱেশ কৰিব। সৌন্দৰ্যৰ দিশৰ পৰা বলিউদৰ বহু মোহময়ী অভিনেত্ৰীক চেৰ পেলাব ৰবীনাৰ দুহিতাই।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বৰ্তমান ১৮বছৰীয়া ৰাশা টেণ্ডন এক বিশেষ ছবিৰ প্ৰকল্পত জড়িত হৈ আছে। মাতৃ ৰবীনা টেণ্ডনে কন্যা ৰাশাক সদায়েই আত্মনিৰ্ভৰশীল হবলৈ উতসাহিত কৰা বুলি সংবাদমাধ্যমৰ সন্মুখত জনায়। ৰবীনাই লগতে কয় যে, যদিহে ছবি উদ্যোগত মোৰ কন্যা সফল হব নোৱাৰে তেন্তে ব্যৱসায় কৰিলেও মই সুখী হম।
ৰবীনাৰ দুহিতা ৰাশা টেণ্ডনে বহু কেইটা আন্তৰাষ্ট্ৰীয় ফেশ্বন শ্বটো ইতিমধ্যে কাম কৰি সফলতা বুটলিছে। সামাজিক মাধ্যমতো খুবেই সক্ৰিয় ৰবীনাৰ কন্যা। বৰ্তমান ইনষ্টাগ্ৰামত ৰাশা টেণ্ডনৰ আছে ৯লাখৰো অধিক অনুৰাগী। ২০০৫চনৰ ১৬মাৰ্চত জন্মগ্ৰহণ কৰা ৰাশা টেণ্ডন মুম্বাইৰ লগতে লণ্ডনতো শিক্ষা গ্ৰহণ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ