‘ছেক্ৰেড গেমছ’ ছিৰিজখনত অভিনয় কৰি সমাদৰ লাভ কৰা অভিনেত্ৰী ৰাধিকা আপ্টেৰ অভিনয়ে আপোনাক নিশ্চয় মোহিত কৰে। নিজৰ দুৰ্দান্ত অভিনয় শৈলীৰে ইতিমধ্যে দৰ্শকৰ মনত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী ৰাধিকা আপ্টেই। অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ নিজৰ কেৰিয়াৰৰ আৰম্ভণিৰ দিনবোৰৰ সংগ্ৰাম আৰু চলচ্চিত্ৰ জগতত সন্মুখীন হোৱা বিভিন্ন বৈষম্যৰ বিষয়ে খোলাখুলিকৈ মত প্ৰকাশ কৰিছে। এটা সময়ত তেওঁৰ শৰীৰটোক লৈ তেওঁ বহু ধৰণৰ অপ্ৰয়োজনীয় আৰু অপমানজনক মন্তব্য শুনিবলগীয়া হৈছিল বুলি তেওঁ মন্তব্য কৰিছে। কিন্তু এতিয়া তেওঁ এনে মন্তব্য একেবাৰেই সহ্য নকৰে। যদি কোনোবাই পুনৰ তেনেধৰণৰ আচৰণ কৰে বা তেওঁৰ সন্মুখত তেনে ধৰণৰ কথা কয়, তেন্তে তেওঁ তেনে ব্যক্তিক প্ৰজেক্টৰ পৰা আঁতৰাই দিয়াৰ চেষ্টা কৰিব বুলিও স্পষ্টকৈ জনায়।
এক সাক্ষাৎকাৰত ৰাধিকাই নিজৰ সংগ্ৰামৰ দিনবোৰৰ কথা স্মৰণ কৰি কয় যে মানুহৰ ধাৰণা বহু সময়ত অদ্ভুত দেখা যায়। তেওঁ কয় যে- ‘বদলাপুৰ’ ছবিৰ আগলৈকে বহুতে ভাবিছিল যে মই কেৱল গাঁৱৰ ছোৱালীৰ চৰিত্ৰহে কৰিব পাৰোঁ। ইয়াৰ বিপৰীতে ‘বদলাপুৰ’ৰ পিছত মানুহে ভাবিবলৈ আৰম্ভ কৰিলে যে মই কেৱল যৌ*ন-কমেডী ধৰণৰ চৰিত্ৰহে কৰিব পাৰোঁ, কেৱল কাপোৰ খুলি অভিনয় কৰিব পাৰোঁ। এই ধৰণৰ ধাৰণা দেখি মই সিদ্ধান্ত লৈছিলোঁ যে এনে চৰিত্ৰ আৰু কেতিয়াও নকৰোঁ।’
নিজৰ শৰীৰটোক লৈ কি মন্তব্যৰ সন্মুখীন হৈছিল ৰাধিকাই?
বলীউডত প্ৰথম খোজ দিয়া সময়ৰ কথা স্মৰণ কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে-কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ নিজৰ ওজনৰ বাবেও এখন ছবি হেৰুৱাইছিল। ‘মই এখন ছবি হেৰুৱাইছিলোঁ, কাৰণ মোৰ ওজন প্ৰায় ৩-৪ কিলোগ্ৰাম বেছি আছিল। নতুন শিল্পী হ’লে বহুতে বিভিন্ন ধৰণৰ মন্তব্য কৰে। কেতিয়াবা কয়-তোমাৰ নাকটো আৰু ধুনীয়া কিয় নকৰোৱা?’, ‘বুকুখন ডাঙৰ কিয় নকৰোৱা?’ কিছুমান লোকে এগৰাকী নতুনকৈ অহা অভিনেত্ৰীৰ শৰীৰক লৈ এনেদৰে মন্তব্য কৰে যেন তেওঁলোকৰ শৰীৰটোৰ ওপৰত অধিকাৰ আছে।’ বিগত সময়ছোৱাত আমাৰ সমাজত সজাগতা বৃদ্ধি পোৱাৰ ফলত এতিয়া এই বিষয়বোৰৰ ওপৰত খোলাখুলিকৈ সকলোৱে কথা পাতিব পৰা হৈছে।-‘এতিয়া আমি স্পষ্টকৈ ক’ব পাৰোঁ যে যদি আপুনি মোক পুনৰ এনেধৰণৰ কথা কয়, তেন্তে মই আপোনাক সেই প্ৰজেক্টৰ পৰা বাহিৰ কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাম।’
বলীউডৰ পুৰস্কাৰ অনুষ্ঠানসমূহৰ বাস্তৱ সত্য!
কেৱল যৌ*নতা, শৰীৰৰ বিষয়ে বৈষম্যমূলক ব্যৱহাৰেই নহয় ৰাধিকা আপ্টেই চলচ্চিত্ৰ জগতৰ পুৰস্কাৰ অনুষ্ঠানসমূহৰ এক বাস্তৱ ছবিও দাঙি ধৰে। তেওঁ জনায় যে আন বহু তাৰকাৰ দৰে পুৰস্কাৰ অনুষ্ঠানত উপস্থিত থাকি কেমেৰা বা জনসমুদ্ৰৰ সন্মুখত নিজকে সজাই থোৱা বস্তুৰ দৰে দেখা দিয়া কাৰ্যও বিশেষ পছন্দ নহয়। তেওঁ কয়, ‘শেহতীয়াকৈ মোক এটা পুৰস্কাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচাৰোঁ নেকি সোধা হৈছিল। Monica, O My Darling ছবিত কৰা অভিনয়ৰ বাবে মোক আয়োজকে পুৰস্কাৰ দিব বিচাৰিছিল। কিন্তু মোক কোৱা হৈছিল যে-মই সেই পুৰস্কাৰ তেতিয়াহে পাম যদিহে অনুষ্ঠানত উপস্থিত থাকোঁ। তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে তেওঁলোকেই পুৰস্কাৰটো নিজৰ ওচৰতে ৰাখক আৰু মই সেই অনুষ্ঠানত যোৱাৰ প্ৰস্তাৱ নাকচ কৰিছিলোঁ।’ অৱশ্যে ৰাধিকাই স্পষ্টকৈ উল্লেখ কৰে যে সমগ্ৰ চলচ্চিত্ৰ উদ্যোগটো অনৈতিক মানুহেৰে ভৰি আছে বুলি ক’ব নোৱাৰি। তেওঁৰ মতে, বলীউডত বহু সৎ আৰু পেছাদাৰী লোকো আছে, যদিও কিছুমান নেতিবাচক অভিজ্ঞতা শিল্পীসকলে সন্মুখীন হ’বলগীয়া হয়।’
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ