আৰু কেইটামান দিনৰ পাছতেই আৰম্ভ হ’ব ২০২৬ চন৷ নতুন বছৰৰ আৰম্ভণিতেই ৰাহু আৰু বুধ মিলিত হ’ব৷ দীৰ্ঘ ১৮ বছৰ পাছত কুম্ভ ৰাশিত কাষলৈ আহিব এই দুই গ্ৰহ৷ কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি৷ বৈদিক জ্যোতিষ অনুসৰি বুধ হৈছে শিক্ষা, জ্ঞান, বুদ্ধি, বাচন ক্ষমতা, আৰু যোগাযোগ ক্ষমতাৰ কাৰক গ্ৰহ৷ অন্যহাতে ৰাহুৱে তীৰ্থযাত্ৰাৰ ওপৰত প্ৰভাৱ পেলায়৷ আগন্তুক বছৰৰ আৰম্ভণিতেই ৰাহু আৰু বুধৰ বিৰল যোগ গঠন কোনো কোনো ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ হ’ব৷ জানি থওক ৰাহু-বুধৰ যুঁটিয়ে ২০২৬ত ভাগ্য খুলিব কাৰ কাৰ?
মেষ ৰাশি
কুম্ভ ৰাশিত ৰাহু আৰু বুধৰ একত্ৰ হোৱাটো লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ মেষ ৰাশিৰ একাদশ ঘৰত এই যুঁটি গঠন হব৷ ইয়াৰ প্রভাৱত আয় বাঢ়িব৷ আপুনি পূৰ্বে কৰা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব৷ পাৰিবাৰিক সম্পত্তিৰ এক ডাঙৰ অংশ লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ সামাজিক মৰ্যদা আৰু প্ৰতিপত্তি বাঢ়িব৷ সকলো কামত ভাগ্য আপোনাৰ কাষত থাকিব৷ অভাৱনীয় আৰ্থিক উন্নতি হ’ব পাৰে৷ সন্তানৰ দিশৰ পৰা সুখবৰ পাব পাৰে৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব৷
বৃষ ৰাশি
ৰাহু আৰু বুধৰ বিৰল যুঁটিৰ প্ৰভাৱত ভাগ্যৰ গাড়ি ঘূৰিব বৃষ ৰাশিৰ জাতকৰ৷ বৃষ ৰাশিয়ে কৰ্মৰ ঘৰত এই যুঁটি গঠন কৰিব৷ ইয়াৰ ফলত চাকৰি আৰু ব্যৱসায় উল্লেখযোগ্য উন্নতি কৰিব পাৰে৷ শিক্ষাক্ষেত্ৰৰ সৈতে যিসকল পেছাগতভাৱে যুক্ত তেওঁলোকে উন্নতি কৰাৰ বিশেষ সুযোগ পাব৷ উপাৰ্জনৰ নতুন পথ খুলিব৷ চাকৰিয়ালে প্ৰমোছন পাব পাৰে৷ ব্যৱসায়ীয়ে লাভজনক চুক্তি সাক্ষৰ কৰিব৷ বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ আহিব৷
মকৰ ৰাশি
ৰাহু বুধৰ যুঁটিত ২০২৬ৰ আৰম্ভণিতেই মকৰ ৰাশিৰ জাতকৰ ভাগ্যৰ দুৱাৰ খুলিব৷ সম্পদৰ ঘৰত এই যুঁটি গঠন হোৱাত হঠাৎ প্ৰচুৰ অৰ্থলাভ হব পাৰে এই ৰাশিৰ জাতকৰ৷ সম্পদ লাভৰ সম্ভাৱনা এই সময়ত বহু বেছি থাকিব৷ আৰ্থিক পৰিস্থিতি মজবুত হব৷ কেৰিয়াৰত হঠাৎ উন্নতি হব পাৰে৷ পৰিয়ালত সুখ আৰু শান্তি থাকিব৷ এই সময়ত কৰোবাত বিনিয়োগ কৰিলে সেয়া আপোনাৰ বাবে লাভজনক হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















