বৈদিক জ্যোতিষত ৰাহুক ৰহস্য, পৰিবৰ্তন আৰু হঠাৎ পোৱা লাভৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ ৰাহুৱে যেতিয়াই ৰাশি বা নক্ষত্ৰ পৰিবৰ্তন কৰে তেতিয়া তাৰ প্ৰভাৱ ১২ ৰাশিৰ ওপৰত পৃথক পৃথকভাৱে দেখা যায়৷ ২০২৬ চনত ৰাহুৰ গোচৰক বিশেষৰূপে চোৱা হৈছে৷ কাৰণ এই বছৰ ৰাহুৱে নিজৰ নক্ষত্ৰ শতভিষাত বিৰাজ কৰিছে৷ নতুন বছৰত ৰাহুৱে শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰিছে আৰু ২ আগষ্ট ২০২৬লৈকে তাতেই থাকিব৷ শতভিষা ৰাহুৰ নিজৰ নক্ষত্ৰ, সেয়ে এই অৱস্থাত ৰাহুৰ শক্তি কেইবাগুণো বৃদ্ধি পাব৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি এই সময়ত ৰাহুৰ প্ৰভাৱ খুবেই গভীৰ আৰু নিৰ্ণায়ক হব৷ ৰাহুৰ প্রভাৱত কেইবাটাও ৰাশিৰ জীৱনলৈ সুখবৰ আহিব৷ এই ৰাশিসমূহ কি কি?
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ বাবে ৰাহুৰ এই গোচৰ খুবেই বিশেষ হব৷ এই সময়ত ৰাহুৱে এই ৰাশিৰ দ্বাদশ ঘৰত থাকিব৷ এই অৱস্থানে বৈদেশিক সম্পৰ্ক, আমদানি-ৰপ্তানি, অনলাইন ব্যৱসায় আৰু আধ্যাত্মিক ক্ষেত্ৰত সুবিধা পাব মীন ৰাশিৰ জাতকে৷ হঠাৎ আৰ্থিক লাভৰ মুখ দেখিব৷ দীৰ্ঘদিনৰ অমীমাংসিত প্ৰকল্পসমূহ সম্পন্ন হব৷ যিসকলে বিদেশ ভ্ৰমণ বা কাম কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে সাফল্য পাব পাৰে৷ ব্যয় বৃদ্ধি পাব পাৰে৷ ভাৰসাম্য বজায় ৰাখি চলিলে আয় ভাল হ’ব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে এই ৰাহুৰ গোচৰে তেওঁলোকৰ কৰ্মজীৱন আৰু সামাজিক জীৱনত উল্লেখযোগ্য পৰিবৰ্তন আনিব পাৰে৷ এই সময়ত ৰাহুৱে নতুন চিন্তাভাৱনা আৰু ভিন্ন পথৰ অনুপ্ৰেৰণা জোগাব৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতি বা নতুন দায়িত্ব লাভৰ যোগ আছে৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ নতুন যোগাযোগত উল্লেখযোগ্য সুযোগ আহিব পাৰে৷ ৰাজনীতি, প্ৰযুক্তি, মিডিয়া আৰু গৱেষণাত জড়িতসকলৰ বাবে এই সময় খুবেই লাভজনক হব৷ ৰাহুৰ কৃপাত হঠাৎ মান-সন্মান আৰু পৰিচয়ৰ যোগ তৈয়াৰ হব পাৰে৷
তুলা ৰাশি
তুলা ৰাশিৰ বাবে ৰাহুৰ গোচৰ বিশেষভাৱে শুভ থাকিব৷ এই সময়কালত ৰাহু পঞ্চম ঘৰলৈ গমন কৰিব আৰু নৱম, একাদশ আৰু বিবাহৰ ঘৰত দৃষ্টি দিব৷ এই অৱস্থান ভাগ্য, লাভ আৰু ব্যক্তিত্বক শক্তিশালী কৰিব৷ তুলা ৰাশিৰ জাতক জাতিকাই শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা, প্ৰেমৰ সম্পৰ্ক আৰু সন্তান সম্পৰ্কিত বিষয়ত ইতিবাচক ফলাফল আশা কৰিব পাৰে৷ বিনিয়োগত লাভৰ সম্ভাৱনা আছে৷ সামাজিক প্ৰতিপত্তি বৃদ্ধি পাব আৰু অতীতৰ প্ৰচেষ্টাও এই সময়ত ফলপ্ৰসূ হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















