অসম লাইভ ২৪ঃ কাইলৈ মুকলি আকাশৰ তললৈ আহিব বিতৰ্কিত ব্যৱসায়ী ৰাজ কুন্দ্ৰা৷ জামিন লাভ অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ৷ ৫০ হাজাৰ টকাৰ বণ্ডত জামিন মঞ্জুৰ কৰে আদালতে৷ অশ্লীল ছবি নিৰ্মাণ তথা OTT প্লেটফৰ্মত মুকলি কৰাৰ অপৰাধত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিৱ ৰাজ কুন্দ্ৰাক৷ বিগত ১৯ জুলাইত গ্ৰেপ্তাৰ হৈছিল ৰাজ কুন্দ্ৰা৷ তেওঁৰ উপৰিও আৰু কেইবাগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ কিন্তু ৰাজ কুন্দ্ৰাৰ অধিবক্তা প্ৰশান্ত পেটেলৰ মতে, প্ৰায় ১৪০০ পৃষ্ঠাজোৰা চাৰ্জশ্বীটত বিতৰ্কিত ছবিসমূহ ৰাজ কুন্দ্ৰাই আপলোড কৰাৰ কোনো প্ৰমাণ নাই৷ গতিকে যাৱতীয় সকলো কাম সম্পন্ন হ’লেই কাইলৈ মুকলি আকাশৰ তললৈ আহিব পাৰিব ৰাজ কুন্দ্ৰা৷ উল্লেখ্য, ঘটনা সন্দৰ্ভত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতেই ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ৷ আৰক্ষীৰ তদন্তৰ ভিত্তিত জুলাইত গ্ৰেপ্তাৰ হয় অভিযুক্ত ৰাজ কুন্দ্ৰা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ