অসম লাইভ২৪ঃ বছৰৰ আৰম্ভণিতেই বিবাহপাশত আৱদ্ধ হ’ল ৰাখী সাৱন্ত৷ বিতৰ্কিত অভিনেত্ৰী ৰাখী সাৱন্তে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে বিবাহৰ ছাৰ্টিফিকেট৷ দীৰ্ঘদিনীয়া প্ৰেমিক আদিল খানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ৰাখী৷
ভাইৰেল ছবিখনত দুজনেই ডিঙিত পৰিধান কৰিছে বৰমালা৷ ৰাখীয়ে পৰিধান কৰিছে এযোৰ ৰঙা ৰঙৰ চেলোৱাৰ৷ হাতত বিবাহ ৰেজিস্ট্ৰিৰ কাগজ৷ বিশেষ চাৰ্টিফিকেটখনত দেখা গৈছে আদিল আৰু ৰাখীৰ বিবাহ সম্পন্ন হৈছে বিগত বৰ্ষৰ ২ জুলাই তাৰিখে৷ প্ৰায় ছমাহ ধৰি দুয়োৱে বিবাহৰ খবৰ গোপনে ৰাখিছিল৷ কিন্তু যদি মনত আছে তেন্তে আপুনিও ৰাখীয়ে সেই সময়ত শ্বেয়াৰ কৰা ফটোত নৱবিবাহিতাৰ দৰেই ৰাখীক দেখা পাইছিল৷ তাৰ মাজতেই ৰাখীয়ে বিগ-বছ ১৫ তো অংশগ্ৰহণ কৰিছিল৷
ৰাখীৰ এই ভিডিঅ’ দেখা মাত্ৰকেই নেটিজেনে কৈছে, ‘আশা কৰো ৰাখীৰ এই বিবাহ সঁচা হওক৷ ৰাখীয়ে যেন এমুঠি ভালপোৱা লাভ কৰে৷ ৰাখীৰ বিবাহৰ খবৰটো পায় আমিও সুখ অনুভৱ কৰিছো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ