অসম লাইভ২৪ঃ দেশজুৰি চৰ্চাৰ কেন্দ্ৰ এতিয়া ড্ৰামাকুইন ৰাখী সাৱন্ত। ৰাখী আৰু তেওঁৰ স্বামী আদিল ডুৰানীৰ দাম্পত্য জীৱনে লাভ কৰিছে চৰ্চা। প্ৰতিদিনেই বাহিৰলৈ আহিছে সম্পৰ্কৰ ন ন তথ্য। প্ৰায় এবছৰ ধৰি সম্পৰ্কত থকাৰ পাছতেই বিবাহপাশতো আৱদ্ধ হৈছিল ৰাখী আৰু আদিল। কিন্তু পূৰ্বৰ দৰেই এই বিবাহো টিকি নাথাকিল ৰাখীৰ। দুয়োৰে মাজত ইতিমধ্যেই বিচ্ছেদ ঘটিছে। বিচ্ছেদৰ পাছতেই ৰাখীয়ে আদিলৰ বিৰুদ্ধে আনিছে এটাৰ পাছত আনটো অভিযোগ।
ৰাখীৰ অভিযোগৰ ভিত্তিতেই ৭ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছে আদিল ডুৰানীক। আদিলক গ্ৰেপ্তাৰ কৰিছে ওশিয়াৰা আৰক্ষীয়ে। ৮ ফেব্ৰুৱাৰীত আন্ধেৰী আদালতত হাজিৰ কৰোৱা হৈছে ৰাখীক। ৰাখীয়ে দিয়া অভিযোগনামাৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰা হৈছে আদিলক। বিষয়টোক কেন্দ্ৰ কৰি ৰাখীয়ে তুলি ধৰা মন্তব্যত কয়, ‘আদিলৰ জামিন কোনো কাৰণতে হ’ব নোৱাৰে। জে’লত দিয়া হ’বই। দেশৰ আইন ব্যৱস্থাৰ ওপৰত মোৰ ভৰষা আছে। আৰক্ষীৰ ওচৰত সকলো প্ৰমাণ মই দাঙি ধৰিছো।’
উল্লেখ্য যে ৰাখীয়ে এই মন্তব্য তুলি ধৰাৰ পাছতেই আৰক্ষী চকীৰ পৰা স্বাস্থ্যপৰীক্ষাৰ বাবে হাস্পতাললৈ ৰাওনা হয়। পৰকীয়া প্ৰেম আৰু গাৰ্হস্থ্য হিংসাৰ বলি হোৱা বুলি ৰাখীয়ে আদিলৰ বিৰুদ্ধে অভিযোগ আনিছিল। ইয়াৰোপৰি ৰাখীয়ে মন্তব্যত কয়, ‘আদিলে মোক কৈছিল তাক হিৰো বনাব লাগে। আৰু মই যাতে সকলোকে কওঁ সি এজন ডাঙৰ ব্যৱসায়ী, মোক বহু ডাঙৰ ঘৰ-বাংলো সি দিছে। আদিলৰ এই কথা নুশুনিলে সি অন্য যুৱতীৰ সৈতে সম্পৰ্ক স্থাপন কৰিব। এয়া নকৰিলে ৫০ হাজাৰ টকা দি ট্ৰাকৰ তলত পেলাই মাৰি পেলাম বুলি ধমকিও দিছিল।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ