ৰাখী বন্ধন উপলক্ষ্যে চৰকাৰে দিব বৃহৎ উপহাৰ৷
এল পি জি চিলিণ্ডাৰৰ দামক লৈ চিন্তা কৰিব নালাগে ৰাজ্যৰ মহিলাই৷
চৰকাৰৰ তৰফৰ পৰা কৰা হৈছে ৰন্ধন গেছৰ দাম হ্ৰাস কৰাৰ ঘোষণা৷
মাত্ৰ ৪৫০ টকাতেই ৰাজ্যৰ মহিলাসকললৈ বুলি দিয়া হ’ব ৰন্ধন গেছৰ চিলিণ্ডাৰ৷
ৰাখীবন্ধন উপলক্ষে এই ঘোষণা কৰিছে মধ্যপ্ৰদেশ চৰকাৰে৷
মুখ্যমন্ত্ৰী ডাঃ মোহন যাদৱে কৰিছে এই ঘোষণা৷
লাডলি বেহনা যোজনাৰ অধীনত মাত্ৰ ৪৫০ টকাতেই দিয়া হ’ব ৰন্ধন গেছৰ চিলিণ্ডাৰ৷
এই যোঁজনাৰ অধীনত উপকৃত হ’ব মুঠ ১.২৯ কোটি মহিল৷
এই আঁচনিৰ বাবদ চৰকাৰে ব্যয় কৰিব ১৬০ কোটি টকা৷
লাডলী বেহনা আঁচনিৰ অধীনত ৪৫০ টকাতেই ভৰ্তি চিলিণ্ডাৰ দিয়া হ’ব ৰাজ্যৰ সকলো মহিলাক৷
ইয়াৰ পূৰ্বেও ২৩ জুলাইত মুখ্যমন্ত্ৰী মোহন যাদৱে ঘোষণা কৰিছিল চিলিণ্ডাৰত ছাবচিটি দিয়াৰ কথা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ