অসম লাইভ২৪ঃ ৰামচৰণক দেখা গৈছে হায়দৰাবাদ বিমানবন্দৰত৷ গন্তব্যস্থান আমেৰিকা৷ তাৰকাসকলে দেশ বিদেশ ঘূৰি ফুৰাটো সাধাৰণ কথা৷ কিন্তু মঙলবাৰে ৰামচৰণক বিমানবন্দৰত দেখা মাত্ৰকেই দেশজুৰি চলিছে চৰ্চা৷ ১৩ মাৰ্চত অনুষ্ঠিত হ’ব একাডেমী এৱাৰ্ডছ৷ এই বছৰ অস্কাৰৰ বাবে মনোনিত হৈছে ৰামচৰণ আৰু জুনিয়ৰ এনটিআৰ অভিনীত RRR ছবিখন৷ এইসমূহৰ মাজতেই লছ এঞ্জেলছলৈ ৰাওনা হৈছে অভিনেতা ৰামচৰণ৷
পিন্ধনত পাঞ্জাৱী-পাইজামা, খালী দুভৰি৷ হঠাৎ খালী ভৰিৰেই কিয় বিমানবন্দৰত উপস্থিত হৈছে ৰামচৰণ? সূত্ৰৰ খবৰ অনুসৰি আয়প্পা দীক্ষা লৈছে ৰামচৰণে৷ আয়প্পা দক্ষিণ ভাৰতৰ লোকে মানি অহা এজন দেৱতা৷ তেওঁৰেই ভক্ত ৰামচৰণ৷ আয়প্পাৰ নিয়ম মানি চলা ভক্তসকলে বছৰটোৰ প্ৰায় ৪৮ দিন খালী ভৰিৰে খোজ কঢ়াটো এক নিয়ম৷ সেই নিয়ম মানিয়েই ৰামচৰণে খালী ভৰিৰে খোজ কঢ়া পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ