• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম মন্দিৰ

ৰাম মন্দিৰ

5 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

5 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

5 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

7 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

7 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

8 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

9 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

11 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

11 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

11 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

11 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

ৰাম মন্দিৰ

এটি সাময়িক টোকা

editor by editor
August 5, 2020
in লেখা
0
ৰাম মন্দিৰ
0
SHARES
454
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত এখন হিন্দু প্ৰধান ৰাষ্ট্ৰ৷ কিন্তু হিন্দু ধৰ্মৰ শাখা, প্ৰশাখা, ঠালঠেঙুলি বহু৷ উদাহৰণ স্বৰূপে, মই এজন হিন্দু৷ কিন্তু, মই যিটো ধৰ্মীয় পৰম্পৰাত ডাঙৰ দীঘল হৈছোঁ তাত, মূৰ্তি বা পূজা-পাতল নিষেধ, কেৱল হৰি নামহে সাৰ৷ অথচ মোৰ শ্ৰীমতী কিন্তু পূজা-পাতলতো বিশ্বাসী৷ সি যি নহওক বাৰু; হিন্দু ধৰ্মত বিশ্বাসী যিকোনো এটা ঠালে ভাৰতত এটা  ৰাম মন্দিৰ সাজিব বিচাৰিছে৷ যিসকলে সাজিব বিচাৰিছে, তেওঁলোকে ধন-বিত যোগাৰ কৰি সাজক, তাত আমাৰ আপত্তি কৰিবলগীয়া কি আছে? আমাৰ আপত্তি কৰিবলগীয়া একো নাছিল, যদিহে আজি অযোধ্যাত সাজিবলগীয়া মন্দিৰটোৰ ঠাইখিনি বিতৰ্কিত নহ’লহেঁতেন৷ তাত থকা পাঁচশ বছৰীয়া বাবৰি মচজিদটো ১৯৯২ৰ ৬ ডিচেম্বৰৰ দিনা এচাম উন্মাদ লোকে নাভাঙিলেহেঁতেন৷ বাবৰি মচজিদটো সজাৰ আগতে তাত কি আছিল, সেই কথা কোনেও আজিলৈ নিশ্চিতকৈ ঠাৱৰ কৰিব পৰা নাই৷ তাত ৰামৰ জন্ম হৈছিল বোলা কথাটো বৰ গোলমলীয়া৷ ৰাম এক ঐতিহাসিক চৰিত্ৰনে? যদি ৰাম ঐতিহাসিক চৰিত্ৰ, তেওঁ ভগৱান হ’বই নোৱাৰে৷ কিয়নো ভগৱানৰ কোনো জন্ম নাই, নাই কোনো মৃত্যু৷ ভগৱানৰ ধাৰণাটো কি ? ভগৱান সৰ্বজ্ঞানী, সৰ্বশক্তিশালী আৰু সৰ্ববিদ্যমান (omniscient ,omnipotent, omnipresent) যদি ৰাম ঐতিহাসিক চৰিত্ৰ নহয়, ভগৱানহে তেন্তে তেওঁৰ কোনো জন্মভূমি থাকিব নোৱাৰে৷ আমি জানো, আখ্যানৰ ঐতিহাসিক ব্যাখ্যা হয়, কিন্তু সেই ব্যাখ্যা লোক অধ্যয়ন, নৃতাত্তিক, বা সমাজতাত্তিকহে৷ আখ্যানৰ পৰা বাস্তৱ হুবহু সৰি নপৰে৷ আখ্যানে আমাৰ সংস্কৃতিহে চহকী কৰে আৰু এইদৰে যদি আমি ইতিহাসৰ পুনৰনিৰ্মাণ কৰো৷ আমাৰ অবিৰত কাম হ’ব ধ্বংস কৰা আৰু নিৰ্মাণ কৰা৷ কিন্তু তাত আৰু ইতিহাস বুলি একো নাথাকিব৷

কল্যাণ সিঙৰ দিনত বাবৰি মচজিদ ভাঙি পেলোৱা হ’ল৷ এতিয়া, মোদীৰ ৰাজত্বত চৰকাৰ অনুগামী উচ্চতম ন্যায়লয়ে অযোধ্যাৰ বিবদামান ঠাইত ৰাম মন্দিৰ সাজিবলৈ অনুমতি প্ৰদান কৰিলে৷ একালৰ চৰকাৰ অনুগামী মুখ্য ন্যায়াধীশে এই ৰায়ৰ প্ৰতিদানো পালে৷ কিন্তু সেই ৰায়দানতো আইনৰ শাসনৰ প্ৰতি ধনিষ্ঠামান আস্থা দেখুৱাই তেওঁলোকে বাবৰি মচজিদ ধ্বংসক গৰিহণা দিবলৈ বাধ্য হ’ল৷ ৰাষ্ট্ৰ আৰু ন্যায়পালিকাই যেতিয়া ঐকবদ্ধহৈ কাম কৰে৷ তেওঁলোকে উচিতক অনুচিত কৰিব পাৰে,অনুচিতক উচিত কৰিব পাৰে৷ তাৰ বিৰোধিতা কৰা মানুহক জেলত ভাৰব পাৰে৷ যি নহওক, সেই পৰ্ব সিমানতে শেষ হ’ল৷ দুখ বেজাৰে মুছলমানসকলেও তাকে মানি ল’লে৷ আমিও ভাবিলো যি হ’ল হ’ল আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ উৎস এটাৰ সমাপ্তি হ’ল৷

কিন্তু, এতিয়া কি হৈছে? কল্যাণ সিঙে ভাঙিবলৈ দিলে, মোদীৰ মদতপুষ্ট হৈ গগৈ মুখ্য ন্যায়াধীশে পাতিবলৈ অনুমতি দিলে৷ এতিয়া ক’ৰোনা কালত আন বন কাটি কৰি আদিত্যনাথে মন্দিৰৰ আধাৰশিলা স্থাপন কৰিলে৷ মই টিভি নাচাওঁ ,কিন্তু মোক কোনো কোনোৱে কৈছে৷ আৰু মই খবৰৰ কাগজত দেখিছো৷ আমাৰ অসমীয়া কাগজবোৰৰ প্ৰায় আটাইকেইখনেই বেছ তালীয়া৷ সুবিধাবাদ আৰু চৰকাৰ তোষণত তেওঁলোক আগৰণুৱা৷ বাকী হিন্দু মুলুকৰ খবৰ কাগজৰ কথা নকলোৱেইবা৷ অ’ খবৰৰ কথা কৈছো৷ এইকেইদিন হেনো পাঁচখন ৰাফেল আৰু অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ খবৰে টিভি আৰু খবৰৰ কাগজত খলকনি লগাই আছে৷ চৰিওফালে ৰজনজনাই আছে৷ এৰা হয়তো৷ ক’ৰোনা আক্ৰন্তত দেশে অভিলেখ কৰিবলৈ গৈ আছে, প্ৰধানমন্ত্ৰীৰ মাত এষাৰ নাই৷ দেশৰ অৰ্থনীতি উছন হ’ল, কৰ্ম সংস্থানৰ অভাৱত মানুহে হা হা কা কা কৰি ফুৰিছে৷ ৰাজ্যসমূহক জিএছটিৰ পইচা দিবলৈ কেন্দ্ৰৰ হাতত ধন নাই, দেশৰ অৰ্থাব্যৱস্থা থৰক বৰক৷ এটাৰ পিছত এটাকৈ ৰাজহুৱা খণ্ডৰ বিক্ৰী চলি আছে, ৰেল গ’ল, তেল গ’ল, পানী গ’ল৷ কামৰ কামটো কি? বোলে অযোধ্যাত ৰাম মন্দিৰ এটা হৈছে! বাহ, বাহ!  দেশ ৰসাতলে গৈছে যাবলৈ দিয়ক, অযোধ্যাৰ ৰাম মন্দিৰকলৈ যিমান পাৰা সিমান প্ৰচাৰ চলাওক, যাতে সংখ্যাগৰিষ্ঠ হিন্দু ভোট আপোনালোকৰ দখলত ৰাখিব পাৰে৷ ধৰ্মৰ কথা কৈ মানুহক ঘৃণা কৰে! কওকচোন  কোনখন ধৰ্মৰ কিতাপে মানুহক ঘৃণা কৰিবলৈ শিকায়?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Paresh Malakarram mandir
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?
জীৱনশৈলী

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

January 15, 2026
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?
জীৱনশৈলী

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

January 15, 2026
Next Post
১৪ জুনত নহয়, ১৩ জুনত মৃত্যু হৈছিল সুশান্তৰ

১৪ জুনত নহয়, ১৩ জুনত মৃত্যু হৈছিল সুশান্তৰ

হুণ্ডাই শ্ব’ৰূমত চাকৰি পালে কুকুৰে

হুণ্ডাই শ্ব’ৰূমত চাকৰি পালে কুকুৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.