অসম লাইভ ২৪ঃ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মুক্তহস্তে দান কৰিছে সমগ্ৰ দেশে। বৰ্তমানলৈকে ৩ হাজাৰ কোটিৰ অধিক অনুদান সংগ্ৰহ কৰিছে ৰাম মন্দিৰ ন্যাস কমিটিয়ে। কিন্তু মন্দিৰ নিৰ্মাণৰ বাবে দিয়া অনুদান বিজেপি নেতাই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। কেৱল সেয়াই নহয়, মন্দিৰ কৰ্তৃপক্ষ আৰু গেৰুৱা শিবিৰৰ ৰাজনীতিকৰ বিৰুদ্ধে ৰাম মন্দিৰৰ ভূমি দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে অযোধ্যাৰ দশৰথ গদ্দি মন্দিৰৰ মহন্ত ব্ৰিজমোহন দাসে। তেওঁ কয়, ‘ভগৱান ৰামৰ মন্দিৰৰ নামত যিয়ে ব্যৱসায় আৰম্ভ কৰিছে, তেওঁ বাবৰতকৈও অধম’।
মন্দিৰ নিৰ্মাণৰ বাবে ভূমিক লৈ কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি বিগত কিছু দিন ধৰি সৰৱ বিজেপি বিৰোধী পক্ষ। তথ্য অনুসৰি, বিগত ১৮ মে’ত প্ৰথমে বিবদমান ভূমিৰ লেনদেন হৈছিল ২ কোটি টকাত। সেই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ কিছু সময় পাছতেই মাটিৰ নতুন মালিকৰ পৰা ১৮ কোটি ৫০ লাখ টকাত ক্ৰয় কৰে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে। সংস্থাৰ সাধাৰণ সম্পাদক চম্পট ৰায়ৰ উপস্থিতিত সম্পন্ন হয় সমগ্ৰ প্ৰক্ৰিয়া। এই ভূমি বিতৰ্কত সাঙুৰ খাইছে অযোধ্যাৰ মেয়ৰ তথা বিজেপি নেতা ঋষিকেশ উপাধ্যায়ৰ নাম। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাম জন্মভূমি সংলগ্ন ১৩৫ ক্ৰমিক নম্বৰৰ বিস্তৃৰ্ণ ভূমিৰ ৮৯০ বৰ্গ মিটাৰ ভূমি মহন্ত দেৱেন্দ্ৰপ্ৰসাদ আচাৰ্যৰ পৰা ২০ লাখ টকাত ক্ৰয় কৰে ঋষিকেশ উপাধ্যায়ৰ ভতিজা দীপ নাৰায়ণে। অৱশ্যে অভিযোগত আওতালৈ অহা নাই এই ভূমি। কিন্তু অযোধ্যাৰ ভূমি ৰাজহ দপ্তৰৰ তথ্য মতে, ১৪২৫ কৃষিবৰ্ষ অনুসৰি ৰামজন্মভূমি সংলগ্ন ১৩৫,১৪২,১২৯ অৰ্থাৎ ২০১ নম্বৰৰ বিস্তৃৰ্ণ এলেকা চৰকাৰী ভূমি। কৃষি কাৰ্যৰ বাদে অন্য কামত সেই ভূমি বহু বছৰ ধৰি লীজত দিয়া হৈছে। বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে লীজত লৈছে এই ভূমি। ৰামকোটৰ বিশ্বনাথ প্ৰসাদ আচাৰ্যক ১৩৫ নম্বৰ ভূমিৰ এটি অংশ লীজত দিয়া হৈছিল। তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ উত্তৰসূৰী দেবেন্দ্ৰ প্ৰাসাদাচাৰ্যৰ হাতলৈ হস্তান্তৰিত হয় সেই ভূমি। তেওঁৰ পৰাই সেই ভূমি ২০ লাখ টকাত ক্ৰয় কৰে দীপ নাৰায়ণে। সংবাদ মাধ্যমৰ আগত দেবেন্দ্ৰ প্ৰাসাদাচাৰ্যই কয়, ‘এই ভূমি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দিবলৈ মেয়ৰে কিছু দিন ধৰি হেঁচা দি আহিছিল। চৰকাৰী ভূমিৰ পৰা যি পোৱা যায় সেয়াই ভাল। সেই কথা ভাবি বিক্ৰী কৰিছিল ভূমিভাগ’। পৰৱৰ্তী সময়ত দিপ নাৰায়ণৰ পৰা তীৰ্থক্ষেত্ৰ ন্যাস কমিটিয়ে ১৮ কোটি ৫০ লাখ টকাত ক্ৰয় কৰে উক্ত ভূমি। সেই টকা সম্প্ৰতি মেয়ৰৰ ভতিজা অৰ্থাৎ দীপ নাৰায়ণে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী পক্ষই। মহন্ত ব্ৰিজমোহন দাসৰ দাবী, ১৩৫ নম্বৰৰ ১,২৫৫ বৰ্গমিটাৰ ভূমি বহু বছৰ ধৰি তেৱেই চোৱাচিতা কৰি আহিছে। কেৱল নিজৰ মাটিয়েই নহয় দেৱেন্দ্ৰ প্ৰসাদাচাৰ্যৰ অংশও চোৱাচিতা কৰে বুলি জনাইছে ব্ৰিজমোহন দাসে। এপ্ৰিলৰ প্ৰথম সপ্তাহত সেই ভূমি খালী কৰাৰ নিৰ্দেশ দিছিল সহকাৰী জিলাদণ্ডাধীশ সন্তোষকুমাই সিংহই। মন্দিৰ কৰ্তৃপক্ষক ভূমিভাগ দিয়া হ’ব বুলি কয় সন্তোষকুমাই সিংহই। কিন্তু ফেব্ৰুৱাৰী মাহতেই ভূমিভাগ মোটা অংকৰ বিনিময়ত লেনদেন হৈছে। জালিয়াতিৰে সেই ভূমি দখল কৰে দীপ নাৰায়ণে। বিগত ২০ মে’ত ২,৬০ বৰ্গ মিটাৰৰ ভূমি মন্দিৰ কৰ্তৃপক্ষক বিক্ৰী কৰিছে ৭ কোটি ৩৫ লাখ টকাত। যাৰ বজাৰ মূল্য ১ কোটি ১৭ লাখ টকা।
বেআইনীভাৱে কোটি কোটি টকাৰ চৰকাৰী ভূমিৰ এনেদৰে মালিকানা সলনি কৰাক লৈ প্ৰশ্ন উত্থাপন কৰে অযোধ্যাৰ জিলা দণ্ডাধীশ তথা তীৰ্থক্ষেত্ৰ ন্যাসৰ অন্যতম সদস্য অনুজ কুমাৰ ঝাই। কিন্তু এই সন্দৰ্ভত বৰ্তমানলৈকে মুখ খোলা নাই জিলা প্ৰশাসনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ