লিংয়াত মঠৰ বিশিষ্ট সাধু শিৱমূৰ্থী মুৰুঘা শৰণাৰুক সোমবাৰে কৰ্ণাটক আৰক্ষীয়ে দুই নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।
কৰ্ণাটকৰ চিত্ৰদুৰ্গাস্থিত বিশিষ্ট মুৰুঘা মঠৰ প্ৰধান পুৰোহিত সন্তৰ বিৰুদ্ধে মট্টৰ দ্বাৰা পৰিচালিত এখন শিক্ষানুষ্ঠানৰ দুগৰাকী নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
দুই নাবালিকা ছাত্ৰীয়ে এজাহাৰ দাখিল কৰাৰ পিছতে মহীশূৰ চহৰ আৰক্ষীয়ে শিৱমূৰ্থী মুৰুঘা শৰণাৰুৰ বিৰুদ্ধে POCSOৰ অধীনত পঞ্জীয়ন কৰা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে।
লগতে পঢ়ক শোকাৱহ! কৰ্তব্যস্থলীৰ পৰা গৃহলৈ ওভতাৰ পথত দুৰ্ঘটনাত টেট শিক্ষৰ মৃত্যু
ভুক্তভোগী দুই ছাত্ৰীয়ে মঠৰ দ্বাৰা পৰিচালিত যৌন নিৰ্যাতিত মহিলা আৰু শিশুক উদ্ধাৰ, পুনৰ্বাসন, পুনৰ সংযোগ আৰু সবলীকৰণৰ বাবে কাম কৰি থকা মহীশূৰৰ এন জি অ’ ওদানাদী সেৱা প্ৰতিষ্ঠানৰ কাষ চাপিছিল৷ দুই ভুক্তভোগীয়ে নিৰ্যাতন বিষয়ে অৱগত কোৱাৰ পিছত জিলা শিশু কল্যাণ সমিতিৰ দৃষ্টিগোচৰ কৰা হয়।
অভিযোগ অনুসৰি, মুৰুঘা মঠৰ অধীনত থকা হোষ্টেলত থকা ১৫ আৰু ১৬ বছৰীয়া ছাত্ৰী দুগৰাকীক চাৰে তিনি বছৰতকৈ অধিক সময় ধৰি যৌন নিৰ্যাতন চলাই অহা হৈছিল।
এন জি অ’টোৰ মুৰব্বী ওদানদী সেৱা সমস্থেৰ প্ৰধান ষ্টেনলীয়ে দাবী কৰে যে, ‘‘এয়া কেৱল এই দুগৰাকী ছোৱালীৰ সমস্যা নহয়। সাধুগৰাকীয়ে প্ৰতিষ্ঠানটোত পঢ়ি থকা আন কেইবাগৰাকীও ছাত্ৰীকো যৌন নিৰ্যাতন চলাই আহিছে।’’
লগতে পঢ়ক চিলাপথাৰত ছমাহ ধৰি পিতৃৰ কামনাৰ বলি কন্যা, অন্তঃসত্বা হোৱাৰ পাছতহে পোহৰলৈ আহিল ঘটনা
তেওঁ লগতে কয় যে এই নিৰ্যাতন বহু বছৰ ধৰি চলি আহিছে। ছাত্ৰীসকলক ভাবুকি প্ৰদান কৰাৰ ফলত শংকিত হৈ বিষয়টো প্ৰকাশ কৰা নাছিল।
‘‘আমি কোনো ধৰণৰ হেঁচা বা ভাবুকিৰ সন্মুখত শিৰনত নকৰো। ছাত্ৰীসকলক ৰক্ষা কৰাটো সমগ্ৰ সমাজৰ কৰ্তব্য। শিশুৰ অধিকাৰৰ প্ৰতি আমি দায়বদ্ধ।’’ ষ্টেনলীয়ে লগতে কয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















