বৈদিক জ্যোতিষশাস্ত্ৰত বৃহস্পতিক কোৱা হয় দেৱগুৰু৷ শিক্ষা, জ্ঞান, সম্পদ, শিক্ষা আৰু দান ধ্যানৰ সৈতে এই গ্ৰহ সম্পৰ্কযুক্ত৷ বৰ্তমান বৃহস্পতিয়ে অৱস্থান কৰিছে মিথুন ৰাশিত৷ আগন্তুক অক্টোবৰ মাহত মিথুন এৰি কৰ্কট ৰাশিত গোচৰ কৰিব বৃহস্পতিয়ে৷ কৰ্কট ৰাশিত বৃহস্পতিৰ অৱস্থানৰ ফলত গঠিত হব হংস মহাপুৰুষ ৰাজযোগ৷ জ্যোতিষ গণনাই কৈছে এই শুভ যোগৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত বৃহৎ উন্নতি কৰিব তিনি ৰাশিৰ জাতকে৷ জানি থওক অক্টোবৰত ভাগ্য ঘূৰিব কোন কোন ৰাশিৰ?
মিথুন ৰাশি
বৃহস্পতি মিথুন এৰি কৰ্কটলৈ গলে লাভজনক ফল পাব মিথুন ৰাশিৰ জাতকে৷ জীৱনত উন্নতি কৰাৰ নানান সুযোগ পাব এওঁলোকে৷ চাকৰিয়াৱে অফিচত প্ৰমোছন পাব পাৰে৷ ব্যৱসায়ীয়েও বিশেষ মুনাফা অৰ্জন কৰিব পাৰে৷ ছাত্ৰ ছাত্ৰীয়ে লেখাপঢ়াত ভাল ফল লাভ কৰিব৷ এই সময়ত উপাৰ্জন বাঢ়িব, ফলত আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷
তুলা ৰাশি
মহাপুৰুষ ৰাজযোগ লাভজনক হব তুলা ৰাশিৰ জাতকৰ বাবে৷ কৰ্মপ্ৰাৰ্থীয়ে এই সময়ত নতুন চাকৰি পাব পাৰে৷ অপেক্ষা কৰক, মোটা অংকৰ চাকৰি পাব পাৰে৷ কোনো বহুজাতিক সংস্থাৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ পাৰ্টনাৰচিপৰ ব্যৱসায়ত লাভ হব পাৰে৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা ভাল মুনাফা লাভৰ যোগ আছে৷
কন্যা ৰাশি
দেৱগুৰু বৃহস্পতিৰ গোচৰত সুখ আৰু সমৃদ্ধি আহিব পাৰে কন্যা ৰাশিৰ জাতকৰ জীৱনত৷ হংস মহাপুৰুষ ৰাজযোগৰ প্ৰভাৱত ভাগ্য উন্নতি হব আপোনাৰ৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ পাবলগীয়া ধন লাভ কৰিব৷ অফিচত ডাঙৰ দায়িত্ব পাব পাৰে৷ সংসাৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হব পাৰে৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















