আৰু মাত্ৰ ২দিন বাকী৷ তাৰপাছতেই বৃহস্পতিৰ নক্ষত্ৰ পূৰ্বভাদ্ৰপদত গোচৰ কৰিব শনিয়ে৷ আগন্তুক ২৭ ডিচেম্বৰ ২০২৪ত নিশা ১০ বাজি ৪২ মিনিটত নিজৰ অৱস্থান সলনি কৰিব শনিয়ে৷ বৰ্তমান ৰাহুৰ নক্ষত্ৰ শতভিষাত আছে শনি মহাৰাজ৷ তাৰ পৰা বৃহস্পতিৰ নক্ষত্ৰ পূৰ্বভাদ্ৰপদত গোচৰ কৰিব শনিয়ে৷ জানি থওক ২০২৫ৰ আৰম্ভণিৰ ঠিক পূৰ্বে শনিৰ অৱস্থান পৰিবৰ্তনৰ প্ৰভাৱত সৌভাগ্য উপচি পৰিব কোন কোন ৰাশিৰ জাতকৰ জীৱনত৷
কুম্ভ ৰাশি
শনিৰ নক্ষত্ৰ পৰিবৰ্তনৰ শুভ প্ৰভাৱ লক্ষ্য কৰা যাব কুম্ভ ৰাশিৰ জাতকৰ জীৱনত৷ বৰ্তমান কুম্ভ ৰাশিতেই অৱস্থান কৰিছে শনিয়ে৷ তাৰ সৈতে পূৰ্বভাদ্ৰপদত শনিৰ গোচৰৰ ফলত দুদিন পাছৰে পৰাই কুম্ভ ৰাশিৰ জাতকৰ জীৱনত দুৰ্দান্ত কিছু পৰিবৰ্তম লক্ষ্য কৰা যাব৷ এই সময়ত আপুনি নিজৰ ৰৈ থকা ধন লাভ কৰিব৷ ৰৈ থকা কামো এই সময়ত সম্পন্ন হ’ব৷ উপাৰ্জনৰ নতুন পথ খুলিব আপোনাৰ সন্মুখত৷ নতুন বছৰৰ আৰম্ভণিতে আৰ্থিকভাৱে উন্নতি কৰিব৷ এই সময়ত আপুনি কিছু সঞ্চয় কৰিব পাৰিব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকেও শনিৰ নক্ষত্ৰ পৰিবৰ্তনৰ শুভ ফল লাভ কৰিব৷ পিতৃ মাতৃৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব৷ মানসিক অশান্তি আৰু চাপৰ পৰা মুক্তি পাব কন্যা ৰাশিৰ জাতকে৷ পাৰ্টনাৰৰ সৈতে খুব ভাল সময় কটাব৷ নতুন বছৰৰ আৰম্ভণিৰ পূৰ্বেই শনিৰ প্ৰভাৱত কেৰিয়াৰ সংক্ৰান্তিয় কোনো সুখবৰ পাব পাৰে৷ আপোনাৰ ভাল পাৰ্ফৰমেন্স চাই অফিচৰ জ্যেষ্ঠজনো আপোনাক লৈ সন্তুষ্ট থাকিব৷
বৃষ ৰাশি
২৭ ডিচেম্বৰত শনিয়ে পূৰ্বভাদ্ৰপদত গোচৰ কৰিব৷ পূৰ্বভাদ্ৰপদ হৈছে বৃহস্পতিৰ নক্ষত্ৰ৷ আৰু বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি৷ শনিৰ গোচৰৰ শুভ ফল লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ শনি আৰু বৃহস্পতি এই দুই গ্ৰহৰেই কৃপা থাকিব বৃষ জাতকৰ ওপৰত৷ আপোনাৰ পৰিয়ালৰ কোনো সমস্যা থাকিলে এই সময়ত দূৰ হ’ব৷ স্বাস্থ্য পূৰ্বতকৈ উন্নত হ’ব৷ নতুন বছৰৰ আৰম্ভণিতে পৰিয়ালৰ সৈতে ভাল সময় উপভোগ কৰিব পাৰিব৷ অৰ্থলাভ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ