বৰ্তমান শনি মীন ৰাশি আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত অৱস্থান কৰিছে৷ জ্যোতিষশাস্ত্ৰত শনিৰ স্থান পৰিবৰ্তন অত্যন্ত উল্লেখযোগ্য ঘটনা৷ কাৰণ শনিৰ অৱস্থান পৰিবৰ্তনৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত লক্ষ্য কৰা যায়৷ অক্টোবৰ মাহত উত্তৰ ভাদ্ৰপদ এৰি পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত গোচৰ কৰিব৷
পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি গ্ৰহ বৃহস্পতি৷ দেৱগুৰু বৃহস্পতি জ্ঞান, ধৰ্ম আৰু সম্পদৰ কাৰক গ্ৰহ৷ অন্যহাতে শনি হৈছে কৰ্ম আৰু সুবিচাৰৰ গ্ৰহ৷ শনি বৃহস্পতিৰ ঘৰত প্ৰৱেশ কৰিলে কোন কোন ৰাশিৰ জাতক লাভৱান হব? এওঁলোক যেনেকৈ আৰ্থিকভাৱে লাভ কৰিব তেনেকৈ প্ৰমোছনো পাব পাৰে৷ জানি থওক শনিৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত নানান দিশৰ পৰা লাভ হব কোন কোন ৰাশিৰ জাতকৰ?
বৃষ ৰাশি
শনি পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰলৈ আহিলে সৌভাগ্যৰ দুৱাৰ খুলি যাব বৃষ ৰাশিৰ জাতকৰ৷ ইয়াৰ প্ৰভাৱত দুৰ্গাপুজাৰ পাছৰে পৰাই প্ৰচুৰ আৰ্থিক লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ এই সময়ত চাকৰিয়ালে প্ৰমোছন পাব পাৰে৷ নতুন চাকৰি লাভৰ যোগ আছে৷ অফিচত আপোনাৰ কামৰ প্ৰশংসা পাব৷ আত্মবিশ্বাস বাঢ়িব৷ ব্যৱসায়ীয়ে বৃহৎ চুক্তি চুড়ান্ত কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















