২৬ ছেপ্টেম্বৰ ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই বিয়লি ৫বাজি ১৩ মিনিটত মিথুন ৰাশি এৰি কৰ্কট ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি আহিন মাহৰ কৃষ্ণপক্ষৰ নৱমী তিথি৷ আজি পিতৃপক্ষৰ নৱম দিন৷ এই সময়ত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিছে৷ জ্যোতিষ গণনা অনুসৰি আজি থাকিব গুৰু পুষ্য যোগ, সৰ্বাৰ্থ সিদ্ধি যোগ আৰু অমৃত সিদ্ধি যোগৰ প্ৰভাৱ৷ আজি থাকিব প্ৰথমে পুনৰ্বাসু আৰু পুষ্য নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজি দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে শ্ৰীবিষ্ণুৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
যি বিষয়ক লৈ ইমান দিনে অসুবিধাত আছিল সেয়া আপুনি নিজৰ বুদ্ধিৰ বলত সমাধান কৰিব পাৰিব৷ ব্যৱসায়ৰ কাৰণে বৃহস্পতিবাৰে কৰোবালৈ যাত্ৰাও কৰিব পাৰে মেষ ৰাশিৰ জাতকে৷ এই যাত্ৰাত আপুনি লাভৱান হ’ব৷ নিজৰ স্বাস্থ্যৰ প্ৰতি আৰু অলপ যত্নবান হওক৷ মাৰ্কেটিঙৰ সৈতে যুক্ত ব্যক্তিয়ে নতুন সুযোগ পাব৷ মেষৰ জাতকৰ আৰ্থিক অৱস্থা টনকীয়াল হ’ব৷
কন্যা ৰাশি
আপুনি যদি ষ্টক মাৰ্কেটত বিনিয়োগ কৰি থাকে তেন্তে বৃহস্পতিবাৰে শ্ৰীবিষ্ণুৰ কৃপাত ভাল ৰিটাৰ্ণ লাভ কৰিব৷ অতিৰিক্ত আৰ্থিক লাভে মনলৈ সুখ কঢ়িয়াই আনিব কন্যা ৰাশিৰ জাতকৰ৷ যি কোনো সমস্যাত নিজৰ জীৱনসংগীক কাষত পাব এই ৰাশিৰ লোকে৷ বিয়লি কোনো সামাজিক অনুষ্ঠানত যোগদান কৰিব পাৰে৷ সন্তানৰ পৰা আপুনি ভাল খবৰ পাব পাৰে৷
তুলা ৰাশি
নাৰায়ণৰ আশীৰ্বাদত বৃহস্পতিবাৰে ব্যৱসায়ত উল্লেখযোগ্য লাভ কৰিব পাৰিব তুলা ৰাশিৰ জাতকে৷ মনত সুখ আৰু শান্তি বৰ্তি থাকিব৷ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ শুনিলে আপোনাৰ ৰৈ থকা কাম সম্পূৰ্ণ হ’ব৷ বৃহস্পতিবাৰে নিশা পৰিয়ালৰ সৈতে খুব ভাল সময় কটাব৷ পূৰ্বে ৰৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷
মকৰ ৰাশি
আপোনাৰ সংসাৰত দীৰ্ঘদিন ধৰি কোনো অশান্তি চলিছে? অশান্তি থাকিলে গুৰু পুষ্য যোগৰ শুভ প্ৰভাৱত আজি সেয়া দূৰ হ’ব৷ পৰিয়ালৰত কোনো প্ৰবীণ সদস্যই এই বিষয়ত আপোনাৰ সহায় কৰিব৷ সংসাৰত সকলোৰে সৈতে একেলগে মিলি ভাল সময় কটাব৷ সন্তানৰ দিশৰ পৰা কোনো সুখবৰ পাব পাৰে৷ বহু দিন পুৰণি কোনো বন্ধুৰ সৈতে দেখা হ’ব পাৰে৷
কুম্ভ ৰাশি
শিক্ষাক্ষেত্ৰত আজি কোনো বৃহৎ সাফল্য পাব পাৰে কুম্ভ ৰাশিৰ জাতকে৷ প্ৰতিযোগীতামূলক পৰীক্ষাত সাফল্য লাভৰ যোগ আছে৷ ব্যৱসায়ীসকলৰ আয় বাঢ়িব৷ নিজৰ আলস্য ত্যাগ নকৰিলে হাতলৈ অহা সুযোগ হেৰুৱাব৷ ব্যৱসায়ীসকলৰ আয় বাঢ়িব৷ দিনটো কামত ব্যস্ত থাকিলেও সন্ধিয়া পৰিয়ালৰ সৈতে কোৱালিটি টাইম কটাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ