২০২৫ চনতেই দুবাৰ ৰেপো ৰেট কমালে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই৷ ৯ এপ্ৰিল ৰেপো ৰেট ২৫ বেছিছ পয়েণ্ট কমোৱাৰ সিদ্ধান্ত লৈছে ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি কমিটিয়ে৷ ইয়াৰ পছত ৰেপো ৰেট নামিছে ৬শতাংশলৈ৷ ৰেপো ৰেট হ্ৰাসৰ ফলত সাধাৰণ মানুহে স্বস্তি পাব বুলি ধাৰণা কৰিছে বিশেষজ্ঞই৷ ফ্লোটিং ৰেট হোম লোন যাৰ আছে তেওঁলোকেও এই সুবিধা পাব পাৰে৷
ৰেপো ৰেট কমাৰ প্ৰভাৱৰ বিষয়ে অৰ্থনৈতিক বিশেষজ্ঞই কয় যে, ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেট ২৫ বেছিছ পয়েণ্ট কমাই ৬শতাংশ কৰা হৈছে৷ অৰ্থনৈতিক বৃদ্ধিৰ পথক সুগম কৰিবলৈকে এই পদক্ষেপ৷ এই পদক্ষেপৰ সুবিধা গ্ৰাহকক দিব পাৰে বেংকসমূহে৷ ইয়াক জোৰত ঋণৰ সুদৰো পৰিবৰ্তন আহিব৷ ৰেপো ৰেট কম হোৱাৰ জোৰত ফ্লোটিং হোম লোন যিসকলৰ আছে তেওঁলোকৰ ই এম আইৰ বোজা কমিব পাৰে৷ কিমান কমিব পাৰে ঋণৰ সুদ?
ধৰা হওক ২০ বছৰৰ বাবে আপুনি ঋণ লৈছিল৷ গৃহ ঋণত সুদৰ হাৰ ৯শতাংশ হ’লে সেই ব্যক্তিয়ে প্ৰতিমাহে ৪৩ হাজাৰ ৭৪৭ টকা EMI দিব লাগে৷ ২০২৫চনতেই দুবাৰ ৰেপো ৰেট কমোৱা হৈছে৷ অৰ্থাৎ দুবাৰ মিলি মুঠ ০.৫০শতাংশ সুদ কমিছে৷ অৰ্থাৎ ইয়াৰ জোৰত যি বেংকৰ পৰা হোম লোন লোৱা হৈছে সেই বেংকৰ যদি সুদৰ হাৰ কমি ৮.৫০শতাংশ হৈছে তেন্তে ব্যক্তিগৰাকীয়ে এতিয়া ই এম আই দিব লাগিব ৪১ হাজাৰ ৭৮৫ টকা৷ অৰ্থাৎ প্ৰতিমাহে আপোনাৰ ইএম আই কমিব ১ হাজাৰ ৯৬০ টকা৷ অৰ্থাৎ ২০ বছৰৰ হোম লোনত আপুনি ৪.৭০ টকা বচাব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ