শিক্ষানুষ্ঠানৰ পাছত এইবাৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক ভাবুকি, ৰাচিয়ান ভাষাত ই-মেইল
এইবাৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ভাৰতীয় ৰিজাৰ্ভ বেংকক। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অফিচিয়েল ৱেবছাইটত বৃহস্পতিবাৰে ১২ ডিচেম্বৰৰ বিয়লি এটা ভাবুকিপূৰ্ণ ই-মেইল আহে। এই ইমেইলটো ৰাছিয়ান ভাষাত প্ৰেৰণ কৰা হৈছিল আৰু ইয়াত ৰিজাৰ্ভ বেংক বোমাৰে উৰুৱাই দিয়াৰ কথা কোৱা হৈছিল।
এই মেইল ৰাছিয়ান ভাষাত হোৱাৰ বাবে সংস্থাসমূহ আৰু অধিক সজাগ হৈ পৰিছে। কোনোবাই ইচ্ছাকৃতভাৱে হাৰাশাস্তিৰ উদ্দেশ্যেৰে মেইল প্ৰেৰণ কৰিছে নে নাই সেয়াও নিশ্চিত কৰা হৈছে। কোনোবাই ভিপিএনৰ জৰিয়তে মেইলপঠোৱা নাই, সেয়েহে আইপি ঠিকনাটো ট্ৰেচ কৰা হৈছে। এই বিষয়ত অপৰাধ শাখা জড়িত হৈ থকাৰ লগতে বিশেষজ্ঞৰ সহায়ো লোৱা হৈছে। ভাবুকি লাভ কৰাৰ পিছতে আশে-পাশে থকা অঞ্চলসমূহৰ তদন্ত কৰে আৰক্ষীয়ে।
যোৱা মাহতো একেধৰণৰ এটা গোচৰ পোহৰলৈ আহিছিল যেতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাষ্টমাৰ কেয়াৰ নম্বৰত ফোন আহিছিল আৰু এজন ব্যক্তিয়ে নিজকে লস্কৰ-ই-টাইবাৰ চিইঅ’ বুলি চিনাকি দিছিল। সেই লোকজনে কেন্দ্ৰীয় বেংকক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিও দিছিল ফোনতে।
উল্লেখ্য যে, বিগত কিছুদিন ধৰি দেশত বিমান আৰু বিদ্যালয়ত বোমা বিস্ফোৰণেৰে উৰুৱাই দিব বুলি বহু ভাবুকি ভৰা ফোন আৰু মেইল আহিছিল। আজি অৰ্থাৎ ১৩ ডিচেম্বৰত দিল্লীৰ তিনিখন বিদ্যালয়ে বোমাৰ ভাবুকিভৰা মেইললাভ কৰিছে। তাৰ পিছত বিভিন্ন সংস্থাই বিদ্যালয় চৌহদত তালাচী আৰম্ভ কৰে। তদন্তৰ অন্তত আৰক্ষীয়ে সেই ভাবুকিবোৰক উৰাবাতৰি বুলি অভিহিত কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ