অপাৰেছন সিন্দুৰৰ মাধ্যমেৰে পহেলগামত সন্ত্ৰাসবাদীক কাঢ়া প্ৰতুত্ত্যৰ দিছে ভাৰতে৷ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ মুঠ ৯ স্থানত সন্ত্ৰাসবাদীৰ ঘাাঁটিৰ ওপৰত আক্ৰমণ কৰিছে ইণ্ডিয়ান আৰ্মিয়ে৷ এই খবৰ সন্মুখলৈ আহোতেই বিশ্বৰ বিভিন্ন দেশে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ কেইবাখনো দেশে ভাৰতক সমৰ্থনো জনাইছে৷ কেইবাখনো দেশে আকৌ দুই পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰৰ মাজৰ উত্তেজনাৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে৷ অপাৰেছন সিন্দুৰৰ পাছত কোন দেশে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে?
আমেৰিকা
ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ পৰিস্থিতি শীঘ্ৰেই শেষ হ’ব বুলি আশাবাদী মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প৷ তেওঁ কৈছে, ‘এয়া অতি লজ্জাজনক কাণ্ড কৰিছে৷ মই বিষয়টো এতিয়া শুনিছো৷ তেওঁলোকৰ মাজত বহু দিন ধৰিয়েই যুঁজ চলি আছে৷ মই আশা কৰো শীঘ্ৰেই এই সমস্যা শেষ হব৷’ আমেৰিকাৰ ষ্টেট চেক্ৰেটেৰি মাৰকো ৰুবিয়ে জনাইছে যে ভাৰত আৰু পাকিস্তানৰ মাজত পৰিস্থিতিৰ দিশত নজৰ ৰাখিছে আমেৰিকাই৷ ৱাছিংটনে বিচাৰিছে পাৰমাণৱিক শক্তিধৰ এছিয়াৰ দুই প্ৰতিবেশী দেশে শান্তিপূৰ্ণ সমাধানৰ দিশত আগুৱাব৷ এই অপাৰেছনৰ পাছতেই ভাৰতৰ নেশ্ব্যনেল ছিকিউৰিটি এডভাইজাৰ অজিত ডোভাৰে বাৰ্তালাপ কৰিছে ৰুবিৰ সৈতে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















