অসম লাইভ২৪ঃ আজি দেশজুৰি স্মৰণ কৰা হৈছে স্বাধীনতা সংগ্ৰামী ভগৎ সিঙক। ২৮ ছেপ্টেম্বৰ ভগৎ সিঙৰ ওপজা দিন। ১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল ভগৎ সিঙে। দেশৰ স্বাধীনতাৰ বাবে সৰ্বস্ব ত্যাগ কৰা সেই সংগ্ৰামীক আজি দেশে সোঁৱৰিছে। ইংৰাজে দিয়া ফাঁচিৰ ৰায় মানি হাঁহি হাঁহি ফাঁচীকাঠত উঠিছিল ভগৎ সিং। খুব কম দিনতেই ভগৎ সিঙে দি যোৱা বাণী আজিও প্ৰাসংগিক। তেওঁৰ সেই উক্তিত আজিও অনুপ্ৰাণিত হয় দেশৰ তৰুণ শক্তি।
১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ভগৎ সিঙৰ পৰিয়ালো আছিল স্বাধীনতা সংগ্ৰামীয়েই। ভগৎ সিঙৰ জন্মৰ সময়ত তেওঁৰ মোমায়েক অজিৎ সিং আৰু স্মৰণ সিং ইংৰাজৰ কাৰাগাৰৰ বন্দী আছিল। এই বন্দীত্বৰ কাৰণ ইংৰাজে অনা বিলৰ বিৰোধীতা কৰা। ৰাজনৈতিক পৰিবেশৰ মাজতেই ভগৎ সিং ডাঙৰ দীঘল হৈছিল। কম বয়সতেই ভগৎ সিঙে মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত যোগ দিয়ে। কিশোৰ বেলাতে এই আন্দোলনত যোগ দিয়া কাৰ্যই অন্ধকাৰ নমাই আনে ভগৎ সিঙৰ জীৱনলৈ। ১০১৯ চনত জালিৱানাবাগৰ গণহত্যা আৰু ১৯২১ চনৰ আকালি বিক্ষোভকাৰীৰ হত্যাৰ ঘটনাত দেশ নিস্তব্ধ হৈ পৰিছিল। কলেজত পঢ়ি থকাৰ মাজতে দেশৰ স্বাধীনতাৰ কথাবোৰে ভগৎ সিঙক অশান্ত কৰি ৰাখিছিল। মহাত্মা গান্ধীৰ অনুৰোধত তেতিয়া স্বাধীনতা আন্দোলন তুংগত। তৰুণ প্ৰজন্মৰ মনতো স্বাধীনতাৰ উকমুকনি। তেওঁ স্বাধীনতা আন্দোলনত জড়িত হৈ পৰাৰ বাবেই তেওঁক কাৰাবন্ধী কৰে ইংৰাজ প্রশাসনে।
সেই মহান বিপ্লৱীৰ ওপজা দিনটোত দেশবাসীয়ে আকৌ মনত পেলাইছে নিৰ্ভীক সেনানীগৰাকীক। তেওঁ দি যোৱা অনুপ্ৰেৰণামূলক বাণীসমূহৰো চৰ্চা চলিছে। ভগৎ সিঙৰ কেইটামান বাণী আজিও প্ৰাসংগিক।
১. ছাইৰ প্ৰতিটো কণাই মোৰ হৃদয় আন্দোলিত কৰে, হয়তো মই এজন পাগলেই যিয়ে কাৰাগাৰতো নিজকে কাৰামুক্ত বুলি ভাৱো।
২. যিসকলে উন্নয়নৰ পক্ষত থিয় দিয়ে তেওঁলোকে সকলোতে সমালোচনা কৰে। উন্নয়নৰ বাবে কেতিয়াবা বিশ্বাসভাজনকো অবিশ্বাসৰ দৃষ্টিৰে চাব লাগে।
৩. বোমা আৰু পিস্তলেৰে বিপ্লৱ নহয়। চিন্তাৰ পথেৰেহে বিপ্লৱ আহিব।
৪. মৃত্যু বাসনা মোৰ হৃদয়ত আছে, মই কেৱল হত্যাকাৰীৰ হাতৰ ক্ষমতা চাবলৈকেহে জীয়াই আছো।
৫. তেওঁলোকে মোক হত্যা কৰিব পাৰিব, কিন্তু মোৰ চিন্তাক কোনো অস্ত্ৰৰেই তেওঁলোকে হত্যা কৰিব নোৱাৰে। তেওঁলোকে মোৰ শৰীৰ চূৰ্ণ-বিচূৰ্ণ কৰিব পাৰে কিন্তু মোৰ আত্মাক চূৰ্ণ কৰিব পৰা ক্ষমতা তেওঁলোকৰ নাই।
ভগৎ সিঙ এনে এজন সংগ্ৰামী যিয়ে মৃত্যুৰ দুৱাৰডলীত থিয় হৈ গাইছিল স্বাধীনতাৰ গীত। ভগৎ সিঙে ফাঁচীৰ পূৰ্বে গুণগুনাইছিল, ‘কেতিয়াবাতো সেই দিন আহিব! যিদিনা আমি মুক্তি পাম। এই ভূমি কেৱল আমাৰেই হ’ব। এই আকাশ কেৱল আমাৰ হ’ব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ