কলন কেনছাৰ মূলত মাজবয়সীয়া বা বেছি বয়সীয়া ব্যক্তিৰ মাজত দেখা যায়৷ কিন্তু আজিকালি কমবয়সীয়া লোকৰ মাজতো এই ৰোগ বৃদ্ধি পাইছে৷ প্ৰাথমিকভাৱে কলনৰ ভিতৰত উপবৃদ্ধিয়েই কলন কৰ্কটৰ প্ৰাথমিকতা৷ সময়ৰ সৈতে এই উপবৃদ্ধিসমূহ কৰ্কটলৈ ৰূপান্তৰিত হয়৷ মলদ্বাৰত সংক্ৰমণ, মলত্যাগৰ সময়ত তীব্ৰ যন্ত্ৰণা বা ৰক্তপাতৰ দৰে সমস্যাসমূহল কলনৰ কৰ্কটৰ লক্ষণ৷
সম্প্ৰতি টাইৱানৰ সৈতে গুঙ্গ মেমোৰিয়েল হাস্পতালে কৰা এক সমীক্ষা অনুসৰি, কমবয়সীয়াসকলৰ ভিতৰত কলন কৰ্কটৰ হাৰ ৩.২শতাংশ হাৰ বাঢ়িছে৷ সমীক্ষাত দেখা গৈছে যে ৫০ বছৰৰ তলৰ লোকসকলৰ কলন কৰ্কট বৃদ্ধি পাইছে৷ কি কি উপসৰ্গই দেখা দিলে আপুনি সতৰ্ক হ’ব? কি কি উপসৰ্গৰ কথা কৈছে চিকিৎসকে?
১. দিনত কিমানবাৰ মলত্যাগৰ প্ৰয়োজন অনুভূত হয়, হঠাৎ তাৰতম্য ঘটিছে নেকি সেই বিষয়ত নজৰ দিয়ক৷ কাৰণ এয়া কলনৰ কৰ্কটৰ অন্যতম লক্ষণ৷
২. হঠাৎ বমি বমি ভাৱ, ওজন কমি যোৱা আদিও কলন কৰ্কটৰ লক্ষণ হ’ব পাৰে৷
৩. কলন কৰ্কট হোৱা ৰোগীসকলে মলত্যাগৰ সময়ত যন্ত্ৰণা অনুভৱ কৰে৷ মলত্যাগৰ পাছতো মল ৰৈ যোৱা যেন অনুভৱ কৰে৷ এয়াও কলন কৰ্কটৰেই উপসৰ্গ৷
৪. মলদ্বাৰৰ ৰক্তপাত কলন কৰ্কটৰ অন্যতম প্ৰধান লক্ষণ৷ অৰ্শ্বৰ সমস্যাতো মলদ্বাৰেৰে ৰক্তপাত হয়৷ এই ৰক্তপাতৰ মাজতো আছে তাৰতম্য৷ অৰ্শ্ব ৰোগীসকলৰ ক্ষেত্ৰত যি ৰক্তপাত হয় সেয়া সাধাৰণতে ৰঙা হয়৷ কলন কৰ্কটত হোৱা ৰক্তপাত অলপ ক’লা ৰঙৰ হয়৷ কলা ৰঙ দেহৰ আভ্যন্তৰৰ পৰা নিৰ্গত ৰক্তৰ সূচক৷
৫. তলপেটৰ বিষো কলন কৰ্কটৰ অন্যতম মুখ্য এটা উপসৰ্গ৷
৬. কলন কৰ্কটত যিহেতু অন্ত্ৰৰ পৰা ৰক্তপাত হয় সেয়ে তেজৰ কমি হ’ব পাৰে৷ যাৰ ফলত আপুনি ক্লান্ত অনুভৱ কৰিব৷
চিকিৎসকৰ মতে স্বাস্থ্যকৰ খাদ্য, নিয়মিত শৰীৰচৰ্চা, মদ্যপান আৰু ধূমপানৰ অভ্যাস ত্যাগ, ৰেড মিট খোৱাৰ ওপৰত নিয়ন্ত্ৰণ আনিলে আপুনি এই ৰোগৰ পৰা কিছু উপশম পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ