উল্লেখ কৰা প্ৰয়োজন যে এই নিয়ম অসমতো আৰম্ভ কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ২০১৭ চনত অসম চৰকাৰৰ তৰফৰ পৰা এই ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই বিষয়ক লৈয়েই অসম এমপ্লয়িজ পেৰেণ্টছ ৰেছপনছিবিলিটি এণ্ড নৰ্মছ ফৰ একাউণ্টেবিলিটি এণ্ড মনিটৰিং বিল আনিছিল৷ এই বিলৰ আন এক নাম হৈছে অসম এমপ্লয়িজ প্ৰণাম বিল৷ সেই সময়ত ৰাজ্যৰ বিত্তমন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই জনাইছিল, ‘কোনো চৰকাৰী কৰ্মীয়ে যদি পিতৃ মাতৃ বা পঙ্গু ভায়েক ভনীয়েকক চোৱাচিতাৰ দায়িত্ব অস্বীকাৰ কৰে তেতিয়া সেই সংশ্লিষ্ট কৰ্মীয়ে যি বিভাগত কাম কৰে তাত অভিযোগ জনাব পাৰিব তেওঁৰ পৰিয়ালে৷
তেতিয়াই বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেছবুকত লিখিছিল, ‘পি এছ ইউ বা বেচৰকাৰী সংস্থাৰ ক্ষেত্ৰতো একেই বিল আনিব লাগিব৷’ বিৰোধী কংগ্ৰেছে অৱশ্যে এই বিল অসমীয় সমাজক কৰা অপমান বুলি আখ্যা দিছিল৷ তেওঁলোকে তেতিয়া ইয়াৰ যোগেদি চৰকাৰী কৰ্মচাৰীৰ ব্যক্তিগত জীৱনত হস্তক্ষেপৰ চেষ্টা কৰিছে চৰকাৰে বুলিও ব্যাখ্যা দিছিল৷ তেতিয়া অসমত বিৰোধীতা কৰা সেই বিলেই এতিয়া টেলেঙ্গানা কংগ্ৰেছে আদৰি লৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















