এটা পোহনীয়া কুকুৰাই এটা ভেৰাৰ পোৱালিক কুকুৰৰ আক্ৰমণৰ পৰা প্ৰাণৰক্ষা কৰে। কিন্তু কুকুৰৰ আক্ৰমণত কুকুৰাটোৰ মৃত্যু হয়। ইয়াৰ পাছতে গৰাকীয়ে নিজৰ প্ৰাণ বলিদান দিয়া কুকুৰাটোৰ সৎকাৰৰ লগতে অন্যান্য ধৰ্মীয় কাৰ্যবিধি সম্পাদন কৰিবলৈ সিদ্ধান্ত ল’লে।
মানুহৰ মৃত্যু হ’লে পৰিয়াল তথা আত্ম-স্বজনে যেনেকৈ ১৩ দিনীয়া শোক পালন কৰা ধৰ্মীয় আচাৰ তথা নিয়ম পালন কৰে ঠিক তেনেকৈয়ে কুকুৰাটোৰ মৃত্যুৰ পিছটো সকলো ধৰ্মীয় তথা মাংগলিক লোকাচাৰ পালন কৰে গৰাকীয়ে৷
গৰাকীসহ পৰিয়ালে ১৩ দিনীয়া শোক পালনৰ পাছতে ৫০০ লোকক নিমন্ত্ৰণ কৰি কুকুৰাটোৰ আদ্যশ্ৰাদ্ধও আয়োজন কৰে৷
লগতে পঢ়ক ৪ সন্তানৰ পিতৃ অভিনেতা-বিজেপি সাংসদ ৰবি কিষাণে উত্থপান কৰিব জনসংখ্যা নিয়ন্ত্ৰণ বিল
এই ঘটনাটো উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ৰ৷ প্ৰকাশিত বাতৰি অনুসৰি যোৱা ৭ জুলাইত ঘৰৰ পাছফালে ভেৰাৰ পোৱালিটোৱে ঘাঁহ খাই আছিল। সেই সময়ত এটা ৰাস্তাৰ কুকুৰে আহি পোৱালিটোক আক্ৰমণ কৰে।
সেই সময়ত পোহনীয়া কুকুৰা লালিও সেই ঠাইত আছিল। ভেৰাৰ পোৱালিটোৰ ওপৰত আক্ৰমণ হোৱা দেখি কুকুৰটোৱে কুকুৰটোক খেদা মাৰি প্ৰত্যাক্ৰণ কৰে। কুকুৰাটোৰ প্ৰত্যাক্ৰমণ কুকুৰটোক সেই ঠাইৰ পৰা আঁতৰি যায়।
লগতে পঢ়ক বৃদ্ধি পাইছে এক অদ্ভুত আসক্তি! নিচাৰ বাবে কণ্ডম ব্যৱহাৰ যুৱ প্ৰজন্মৰ!
কিন্তু কিছু মুহূৰ্তৰ পাছত কে’বাটাও কুকুৰে আহি লালিক ঘেৰি ধৰি আক্ৰমণ কৰে। কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় লালি নামৰ কুকুৰাটো। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লালিৰ যোৱা ৮ জুলাইত মৃত্যু হয়।
মৃত্যুৰ পিছতে গৰাকী ছালকাৰে লালিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি মানুহৰ মৃত্যু হ’লে কৰাৰ দৰেই সকলো ধর্মীয় আৰু মাংগিলক লোকাচাৰ সম্পন্ন কৰে। গৰাকী ছালকাৰৰ পুত্ৰ অভিষকে সংবাদ মাধ্যমৰ কয়, “লালি আমাৰ পৰিয়ালৰ এজন সদস্যৰ দৰে আছিল। মৃত্যুৰ পিছত দেউতাই সকলো নিয়ম পালন কৰিবলৈ সিদ্ধান্ত ল’লে।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ