• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা বিদ্যুৎ আৰু ইণ্টাৰনেট কৰ্তন কৰিও ফল পোৱা নাই! সন্তান জন্মৰ হাৰ বঢ়াবলৈ নতুন মন্ত্ৰণালয় খুলি কি কৈছে ৰুছ চৰকাৰে?

নিশা বিদ্যুৎ আৰু ইণ্টাৰনেট কৰ্তন কৰিও ফল পোৱা নাই! সন্তান জন্মৰ হাৰ বঢ়াবলৈ নতুন মন্ত্ৰণালয় খুলি কি কৈছে ৰুছ চৰকাৰে?

2 years ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

43 minutes ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

1 hour ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

2 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

2 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

3 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

3 hours ago
বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

5 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

কষ্ট কৰিলেও হাতত ধনৰ অভাৱ? তেন্তে নকৰিব এইবোৰ ভুল!

6 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO New Rules 2026: PF ৰ ৮ টা ডাঙৰ নিয়ম সলনি, জানক আপোনাৰ বাবে কি কি নতুন নিয়ম আছে

6 hours ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

7 hours ago
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

7 hours ago
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশা বিদ্যুৎ আৰু ইণ্টাৰনেট কৰ্তন কৰিও ফল পোৱা নাই! সন্তান জন্মৰ হাৰ বঢ়াবলৈ নতুন মন্ত্ৰণালয় খুলি কি কৈছে ৰুছ চৰকাৰে?

নিশা বিদ্যুৎ সংযোগ আৰু ইণ্টাৰনেট কৰ্তন কৰিও ফল পোৱা নাই! সন্তান জন্মৰ হাৰ বঢ়াবলৈ নতুন মন্ত্ৰণালয় খুলি কি কৈছে ৰুছ চৰকাৰে?

editor by editor
November 13, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা, স্বাস্থ্য
0
নিশা বিদ্যুৎ আৰু ইণ্টাৰনেট কৰ্তন কৰিও ফল পোৱা নাই! সন্তান জন্মৰ হাৰ বঢ়াবলৈ নতুন মন্ত্ৰণালয় খুলি কি কৈছে ৰুছ চৰকাৰে?
0
SHARES
294
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এফালে যুদ্ধ৷ অন্যহাতে তৰুণ-তৰুণীসকলৰ সন্তানধাৰণত অনীহা৷ ফলত হু হুকৈ কমিছে জন্মৰ হাৰ৷ সেই পৰিসংখ্যাক লৈ এতিয়া চকু কপালত উঠিছে ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনৰো৷ পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ নতুন মন্ত্ৰণালয় তৈয়াৰৰ পৰিকল্পনা কৰিছে৷ সূত্ৰৰ খবৰ অনুসৰি যুৱক যুৱতীসকলৰ মাজত যৌন আকাংক্ষা তৈয়াৰৰ কাম কৰিব মস্কোৰ এই নতুন মন্ত্ৰণালয়ে৷

সন্তানধাৰণৰ বাবে নৱপ্ৰজন্মক উৎসাহিত কৰাই এই মন্ত্ৰণালয়ৰ প্ৰধান লক্ষ্য৷ যাৰ দায়িত্বত আছে প্ৰেছিডেণ্ট পুটিনৰ বিশ্বস্ত এগৰাকী মন্ত্ৰী৷ ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইন আক্ৰমণ কৰিছে ৰাছিয়াই৷ তাৰপাছৰে পৰাই এই যুদ্ধ অব্যাহত আছে৷ দুবছৰৰো বেছি সময় ধৰি চলা এই যুদ্ধত বহু ৰুছ সৈনিকৰ মৃত্যুও হৈছে৷ ব্ৰিটিছ গণমাধ্যমসমূহৰ দাবী, নিহতৰ সংখ্যা ইতিমধ্যোই ৬লাখ পাৰ হৈছে৷

যুদ্ধ আৰম্ভ হোৱাৰ ঠিক ২বছৰ পূৰ্বে কৰ’না মহামাৰীৰ বাবে পৃথিৱীৰ অন্য দেশসমূহৰ দৰে ক্ষতবিক্ষত হৈছে ৰাছিয়াও৷ প্ৰাণ হেৰুৱাইছে বহু লোকে৷ ২০২১ চনত টিকা অহাৰ পূৰ্বে প্ৰাণ হেৰুৱাইছে বহুজনে৷ এইসমূহ ক্ষতস্থানৰ বাবেই আজি জনসংকটত পৰিছে ৰাছিয়া৷ তাৰমাজতেই আকৌ নতুন প্ৰজন্মৰ সন্তান ধাৰণৰ প্ৰতি অনিহাই চিন্তাত পেলাইছে ৰুছ প্ৰেছিডেণ্ট পুটিনক৷

জনসংখ্যা বৃদ্ধিৰ বাবে ২০২২ চনৰ আগষ্টতেই বৃহৎ ঘোষণা কৰিছিল প্ৰেছিডেণ্ট পুটিনে৷ ১০বা তাতোকৈ বেছি সন্তান জন্ম দিলে চৰকাৰৰ তৰফৰ পৰা মোটা অংকৰ ধন উপহাৰ দিয়া হ’ব বুলি ঘোষণা কৰিছিল পুটিনে৷ তাৰপিছতো আগুৱাই অহা নাই নৱপ্ৰজন্ম৷ ক্ৰেমলিনৰ পৰা জাৰি কৰা এক বিজ্ঞাপ্তিত কোৱা হৈছে যে দশম সন্তানৰ প্ৰথম জন্মদিনত মাতৃ-পিতৃক চৰকাৰে ১০ ৰুবেল উপহাৰ দিব চৰকাৰে৷ অৱশ্যে সেই সময়ত অন্যান্য ৯টা সন্তানো জীৱিত থাকিব লাগিব৷,তেতিয়াহে এই অৰ্থ লাভ কৰিব৷ ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান প্ৰায় ১৩ লাখ টকা৷ ৰুছ ৰাজনৈতিক বিশেষজ্ঞ জেনি মাৰ্থাছে জনাইছে, ছোভিয়েট যুগত সন্তান উৎপাদন বৃদ্ধিৰ বাবে এই ধৰণৰ প্ৰকল্প আছিল৷ যাৰ পোছাকি নাম আছিল ‘মাদাৰ হিৰোইন৷’

১৯৪৪ চনৰ পৰা ১৯৯১ চন পৰ্যন্ত আছিল এই প্ৰকল্প৷ দেশৰ জনসংখ্যা কমি যোৱাৰ বাবে আকৌ সেই প্ৰকল্পকে আৰম্ভ কৰিব খুজিছে ৰুছ প্ৰেছিডেণ্ট পুটিনে৷ পুটিনে আৰম্ভ কৰা এই প্ৰকল্পই ৰুছ তৰুণীসকলৰ মনত দাগ কাটিব পাৰিবনে সেয়া পৰবৰ্তী সময়তহে জানিব পৰা যাব যদিও এইবাৰ আন এক পৰিকল্পনাও আনিছে পুটিনে৷

ৰাছিয়াত ঠিক ১০ বজাৰ পৰা নিশা ২বজালৈকে ইণ্টাৰনেট বন্ধ ৰখা হ’ব৷ যৌন মিলনৰ বাবে এক আদৰ্শ সময় বুলি এই সময়ক চিহ্নিত কৰিছে পুটিন প্ৰশাসনে৷ মস্কোৰ কৰ্তাসকলৰ যুক্তি যে নিশা দীৰ্ঘক্ষণ ধৰি ইণ্টাৰনেট ব্যৱহাৰৰ সুযোগ থাকিলে তৰুণ তৰুণীসকলৰ মনত বিভিন্ন ভাৱে ক্ৰিয়া কৰে৷ ফলত সংগমৰ উৎসাহ হেৰাই যায়৷ কিন্তু এইদৰে নিশাৰ ভাগত দীৰ্ঘদিন ইণ্টাৰনেট আৰু পোহৰ বন্ধ ৰখা সম্ভৱ নহয় সেইকথাও বুজি উঠিছে ৰুছ প্ৰশাসনে৷ যাৰবাবে তেওঁলোকে বিকল্পৰো সন্ধান অব্যাহত ৰাখিছে৷

এইবছৰৰ ছেপ্টেম্বৰ মাহত কৰ্মক্ষেত্ৰত মধ্যাহ্নভোজ আৰু কফি বিৰতিৰ সময়তো সংগমৰ পৰামৰ্শ দিছিল ৰুছ প্ৰেছিডেণ্ট পুটিনে৷ সেই ঘোষণাৰ পাছতেই পৃথিৱীজুৰি হৈ চৈয়ো লাগিছিল৷ সেই সুৰত সুৰ মিলাই ৰুছ স্বাস্থ্যমন্ত্ৰী ইয়েভজেনি শেস্তোপলোভেই কৈছিল এই সময়তেই সংগম কৰক৷ কিন্তু চাকৰিয়াল তৰুণ তৰুণীসকলো সেই নিয়মো মানি চলা নাই৷

পশ্চিমি সংবাদমাধ্যম, ‘মেট্ৰো’ৰ প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ জন্মহাৰ বৰ্তমান মহিলাসকলৰ বাবেই পিছুৱাইছে৷ ৰাছিয়াত কমি গৈছে মহিলাৰ সংখ্যাও৷ মহিলা আৰু পুৰুষৰ অনুপাত এতিয়া ১.৫৷ যি সংখ্যা ২.১ কৰিবলৈ চেষ্টা চলাইছে ৰুছ প্ৰেছিডেণ্টে৷ কেনেকৈ ৰুছ তৰুণ-তৰুণীসকলক সংগম আৰু সন্তানধাৰণৰ বাবে উৎসাহিত কৰিব পাৰি তাৰবাবেই সকলোধৰণৰ প্ৰচেষ্টা চলাই আছে চৰকাৰে৷ ইতিমধ্যেই যৌন মন্ত্ৰণালয়ে জন্মহাৰ বঢ়াবলৈ আনিছে বিভিন্ন উপায়৷ বিয়াৰ নিশা মধুচন্দ্ৰিমাৰ বাবে হোটেল বুকিঙৰ ধৰো চৰকাৰৰ পৰা দিয়াৰ ইচ্ছা এতিয়া পুটিন চৰকাৰৰ৷

উল্লেখ্য যে পূৰ্ব ইউৰোপৰ এখন দেশত বিভিন্ন এলেকাত ইতিমধ্যেই সন্তান জন্ম দিয়া দম্পত্তিক টকা দিয়া হৈছে৷ সেই তালিকাত প্ৰথমেই আছে খবৰভস্কৰ নাম৷ তাতেই মাতৃত্বৰ স্বাদ পোৱা ১৮ৰ পৰা ২৩ বছৰীয়া তৰুণীয়ে লাভ কৰিছে চৰকাৰৰ পৰা ধন৷ ৰাছিয়াৰ চেলিয়াবিনস্ক অঞ্চলত ২৪ বছৰৰ তলত মাতৃ হোৱা মহিলাসকলক দিয়া হৈছে ৮৫০০ পাউণ্ডকৈ৷ এই বৰ্ষৰ ডিচেম্বৰত এই ধন বৃদ্ধি কৰিব বুলিও জনাইছে পুটিন চৰকাৰে৷

ৰাছিয়াত বৰ্তমান বিনামূলীয়াকৈ মহিলাসকলক প্ৰজনন ক্ষমতা পৰীক্ষা কৰোৱাৰো ব্যৱস্থা কৰা হৈছে৷ ইয়াৰোপৰি নিষিদ্ধ হৈছে গৰ্ভপাত৷ আগন্তুক দিনত এই সমস্ত কাম চাব যৌন মন্ত্ৰণালয়ে৷ ৰাছিয়াৰ দৰেই জন্মহাৰ কমি যোৱাৰ সমস্যাত ভূগিছে দক্ষিণ ইউৰোপৰ দেশ ইটালিও৷ ইটালিৰ চৰকাৰে তৰুণ তৰুণীক উৎসাহিত কৰিবলৈ চৰকাৰীভাৱে ধন আৰু ঘৰ উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছে৷ জন্মহাৰ হ্ৰাস পোৱাৰ বাবে এক সন্তান নীতি উঠাই লৈছে চীনেও৷ এই সময়ত পৃথিৱীৰ বৃহত্তম জনসংখ্যাৰ দেশতো বাঢ়িছে বন্ধাত্ব্যৰ সমস্যা৷ শিশু জন্মৰ হাৰ কমিছে জাপান আৰু দক্ষিণ কোৰিয়াতো৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা
জীৱনশৈলী

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

July 15, 2026
শৰীৰৰ ষ্টেমিনা কিয় কমে?
জীৱনশৈলী

শৰীৰৰ ষ্টেমিনা কিয় কমে?

July 15, 2026
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

July 15, 2026
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?
জীৱনশৈলী

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

July 15, 2026
Next Post
হাৰিয়ানাত এটা মহৰ দাম উঠিছে ২৩ কোটি, কাৰণ জানিলে অবাক হ’ব আপুনি

হাৰিয়ানাত এটা মহৰ দাম উঠিছে ২৩ কোটি, কাৰণ জানিলে অবাক হ’ব আপুনি

শনিৰ ঘৰ সলনি, ৩ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব

শনিৰ ঘৰ সলনি, ৩ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.